VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কি কি সামগ্ৰীৰ দাম হ্ৰাস পালে- অধিক দামত কিনিব লাগিব কি সামগ্ৰী ? নতুন বাজেট মতে কিমান টকা উপার্জন কৰিলে আদায় দিব লাগিব আয়কৰ ?

voicedesk by voicedesk
July 23, 2024
in মুখ্য সংবাদ
কি কি সামগ্ৰীৰ দাম হ্ৰাস পালে- অধিক দামত কিনিব লাগিব কি সামগ্ৰী ?  নতুন বাজেট মতে কিমান টকা উপার্জন কৰিলে আদায় দিব লাগিব আয়কৰ ?
0
SHARES
77
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছত মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন চৰকাৰৰ সম্পূৰ্ণ বাজেট উত্থাপন কৰে। বাজেটত বহু সামগ্ৰীত কৰ ৰেহাই ঘোষণা কৰিছে। লগতে কিছু সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছে। বাজেটৰ পিছত কি সস্তা হ’ব, কিহৰ দাম বৃদ্ধি হ’ব, জানো আহক ৷

১) কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা একাধিক ঔষধৰ দাম হ্ৰাস কৰা হৈছে ৷ তিনিটা গুৰুত্বপূৰ্ণ ঔষধৰ ওপৰত চৰকাৰে কৰ প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই কয় যে সেই তিনিটা ঔষধ সম্পূৰ্ণ শুল্কমুক্ত কৰা হৈছে। ফলত সেই কেন্সাৰ ঔষধৰ দাম কমি যাব পাৰে বুলি বিশ্বাস কৰা হয়।

২)মোবাইল ফোন, মোবাইল চাৰ্জাৰ আৰু অন্যান্য মোবাইল সঁজুলিৰ দামো হ্ৰাস পাইছে। এই সামগ্ৰীসমূহৰ ওপৰত সাধাৰণ শুল্ক প্ৰায় ১৫ শতাংশ হ্ৰাস কৰা হৈছে । ফলত মোবাইল আৰু আনুষংগিক সামগ্ৰী পূৰ্বতকৈ সস্তা হ’ব।

৩)সোণ-ৰূপৰ দামও হ্ৰাস পাব। মঙলবাৰে বিত্তমন্ত্ৰীয়ে কয় যে সোণ আৰু ৰূপৰ আমদানি শুল্ক ৬ শতাংশ হ্ৰাস কৰা হ’ব। বহু বিশেষজ্ঞৰ মতে, ইয়াৰ ফলত সোণ-ৰূপৰ মূল্য হ্ৰাস পাব আৰু এই ধাতুৰ চাহিদা বৃদ্ধি পাব। সাধাৰণ মানুহে  অধিক সোণ বা ৰূপৰ গহনা কিনিবলৈ আৰম্ভ কৰিব।

৪) প্লেটিনামৰ ওপৰত ৬.৪ শতাংশ শুল্ক হ্ৰাস কৰা হৈছে। প্লেটিনামৰ মূল্যও হ্ৰাস পাব।

৫)আনহাতে আন দুটা ধাতুৰ মূল্য হ্ৰাস পাব বুলি জানিব পৰা গৈছে। নিকেল আৰু তামৰ সাধাৰণ কৰ প্ৰত্যাহাৰ কৰিছে চৰকাৰে। ফলত এই দুটা ধাতুৰ দাম বহু পৰিমাণে হ্ৰাস পোৱাৰ আশা কৰা হৈছে। ইয়াৰ উপৰিও ২৫ টা গুৰুত্বপূৰ্ণ ধাতুৰ ওপৰত কৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে।

৬)সৌৰ পেনেল নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ ওপৰত থকা কৰ প্ৰত্যাহাৰ কৰিব চৰকাৰে। সেই প্ৰস্তাৱ মঙলবাৰে বাজেটত উল্লেখ কৰা হৈছে ৷

৭) সাগৰীয় খাদ্য আৰু অন্যান্য সাগৰীয় খাদ্যৰ ওপৰত ৫ শতাংশ কৰ হ্ৰাস কৰা হৈছে।

 

বাজেটত কিছু সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। কৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে-

 

১)এতিয়ালৈকে দূৰসংযোগ সঁজুলিৰ ওপৰত ১০ শতাংশ কৰ আৰোপ কৰা হৈছিল। বিত্তমন্ত্ৰীয়ে কয় যে এই সময়ৰ পৰা ১৫ শতাংশ কৰ আদায় কৰা হ’ব।

২) বিভিন্ন প্লাষ্টিকৰ সামগ্ৰীৰ দাম বৃদ্ধি হ’বলৈ গৈ আছে। প্লাষ্টিকৰ সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰা হৈছে।

৩) ইয়াৰ উপৰিও কেন্দ্ৰই এমোনিয়াম নাইট্ৰেটৰ ওপৰত কৰ ৭.৫ৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰিছে।

 

আয়কৰ ৰেহাইৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কি ঘোষণা কৰিলে —

 

  • বাৰ্ষিক ০ৰ পৰা ৩ লাখ টকাৰ ভিতৰত আয় কৰিলে কোনো ধৰণৰ কৰ দিব নালাগিব।
  • ৩ লাখৰ পৰা ৭ লাখ টকাৰ ভিতৰত বাৰ্ষিক আয়ৰ ওপৰত ৫ শতাংশ কৰ আৰোপ কৰা হ’ব।
  • যদি বাৰ্ষিক আয় ৭ লাখৰ পৰা ১০ লাখ টকাৰ ভিতৰত হয় তেন্তে কৰ ১০% হ’ব।
  • যদি বাৰ্ষিক আয় ১০ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত হয় তেন্তে ১৫ শতাংশ হাৰত কৰ পৰিশোধ কৰা হ’ব।
  • ১২ লাখ টকাৰ পৰা ১৫ লাখ টকালৈ ২০% কৰ পৰিশোধ কৰিব লাগিব।
  • যদি বাৰ্ষিক আয় ১৫ লাখ টকাৰ অধিক হয় তেন্তে ৩০% হাৰত কৰ পৰিশোধ কৰিব লাগিব ৷

 

Previous Post

এতিয়াও শাম কটা নাই বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিৰ, উচ্চতম ন্যায়ালয়ে কি কি সংশোধন আনিলে সংৰক্ষণ ব্যৱস্থাত !!

Next Post

বুধবাৰৰ পৰা অলিম্পিকত ফুটবলৰ আৰম্ভণি, প্ৰথম দিনাই খেলপথাৰত নামিব ইউৰো বিজয়ী স্পেইন -কোপা আমেৰিকা জয়ী আৰ্জেণ্টিনা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বুধবাৰৰ পৰা অলিম্পিকত ফুটবলৰ আৰম্ভণি, প্ৰথম দিনাই খেলপথাৰত নামিব ইউৰো বিজয়ী স্পেইন -কোপা আমেৰিকা জয়ী আৰ্জেণ্টিনা

বুধবাৰৰ পৰা অলিম্পিকত ফুটবলৰ আৰম্ভণি, প্ৰথম দিনাই খেলপথাৰত নামিব ইউৰো বিজয়ী স্পেইন -কোপা আমেৰিকা জয়ী আৰ্জেণ্টিনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7