স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই কালি নতুন কভিদ এছ অ’ পি ঘোষণা কৰে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ কভিদ বিধি কিছু শিথিল কৰাৰ কথা উল্লেখ কৰে।
নতুন এছ অ’ পি অনুসৰি এতিয়াৰে পৰা নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যখনত সাধ্য আইন বলবৎ থাকিব। ৯ বজালৈকে কৰ্ম ক্ষেত্ৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল-ৰেষ্টুৰেণ্ট, গেলামালৰ দোকান আদি খোলা ৰাখিব পাৰিব।
সভা সমিতি ৰাজহুৱা অনুষ্ঠানত দুয়ো পালি কভিদ ভেকচিন লোৱা সৰ্বাধিক ৫০ জন লোকে ভাগ ল’ব পাৰিব। আনহাতে উপায়ুক্তৰ অনুমতি প্ৰাপ্ত সভা সমিতি, বিবাহ অনুষ্ঠান আদিত দুয়ো পালি কভিদ ভেকচিন লোৱা সৰ্বাধিক ২০০ জন লোকে অংশ গ্ৰহণ কৰিব পাৰিব।
নতুন নিয়মাৱলীখনত ৰাজ্যৰ বন্ধ থকা চিনেমা হ’ল সমূহ মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। অৱশ্যে প্ৰতি দৰ্শনীত দুয়ো পালি কভিদ ভেকচিন লোৱা ৫০ শতাংশ দৰ্শকেহে উপভোগ কৰিব পাৰিব। স্থায়ী প্ৰেক্ষাগৃহসমূহে ৫০ শতাংশ দৰ্শক আৰু কভিদ বিধি মানি কাৰ্য্যসূচী ৰূপায়ন কৰিব পাৰিব। ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই শীঘ্ৰেই নতুন বিধি ঘোষণা কৰিব বুলি স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই জানিবলৈ দিয়ে।
ৰাজ্যৰ বিখ্যাত ধৰ্মীয় স্থান কামাখ্যা, হাজোৰ পোৱামক্কা, শিৱদৌল আদিত প্ৰতি ঘণ্টাত দুয়ো পালি ভেকচিন লোৱা সৰ্বাধিক ৬০ জন লোকৰ বাবে দৰ্শন মুকলি কৰিছে। অন্য ধৰ্মীয় স্থানসমূহত প্ৰতি ঘণ্টাত দুয়োপালি ভেকচিন লোৱা ৪০ জন দৰ্শনাৰ্থীয়ে প্ৰৱেশ কৰিব পাৰিব।
দুৰ্গা পূজাৰ প্ৰাক ক্ষণত নতুন কভিদ বিধিয়ে ৰাইজৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিলেও সচেতনতা অৱলম্বন কৰা উচিত। মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিহে পূজা উপভোগ কৰা উচিত। কভিদৰ তৃতীয় ঢৌৰ আগমনৰ শংকা এতিয়াও দূৰ হোৱা নাই। অন্যহাতে এতিয়াও কভিদত আক্ৰান্তৰ সংখ্যা স্বাভাৱিক নহয়। গতিকে সাৱধান হৈ নিজক সুৰক্ষিত কৰি ৰাখক।