ছ’ছিয়েল মিডিয়া প্ৰতিষ্ঠানসমুহক নাকী লগাবলৈ শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে প্ৰৱর্তন কৰিব কঠোৰ আইন ৷ ব্যক্তিগত তথ্য ফাদিল কৰিলে এই প্ৰতিষ্ঠানসমুহে ভৰিব লাগিব বৃহৎ পৰিমানৰ জৰিমনা ৷ ব্যক্তিগত তথ্য সুৰক্ষাৰ ক্ষেত্ৰত যুটীয়া সংসদীয় কমিটীয়ে প্ৰদান কৰা প্ৰতিবেদনত এই বৃহৎ পৰিমানৰ জৰিমনাৰ কথা উল্লেখ কৰিছে ৷ সেই অনুসৰি গুৰুতৰ তথ্য ভংগৰ অভিযোগত ১৫ কোটি অথবা গোলকীয় উপার্জনৰ ৪ % পর্যন্ত জৰিমনাৰ কথা উল্লেখ কৰা হৈছে প্ৰতিবেদনত ৷ এনে ধৰণৰ লঘু অপৰাধৰ ক্ষেত্ৰত ৫ কোটি অথবা গোলকীয় উপার্জনৰ ২% পর্যন্ত জৰিমনাৰ কথা উল্লেখ কৰা হৈছে ৷ এই পৰামর্শসমুহ আইনলৈ পৰিণত হ’লে ছ’ছিয়েল মিডিয়া প্ৰতিষ্ঠান যেনে ফেচবুক, ইনষ্ট্ৰাগাম,গুগল,এমাজন,এপ’ল অদিৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে বিবেচিত হ’ব ৷ বৃহস্পতিবাৰে যুটীয়া সংসদীয় কমিটীখনে এই প্ৰতিবেদনখন দাখিল কৰে ৷ ইউৰোপীয়ান সংঘৰ জেনেৰেল ডাটা প্ৰটেকচন ৰেগুলেচনৰ আর্হিত এই জৰিমনাৰ পৰামর্শ দিছে কমিটীখনে ৷ জ্যেষ্ঠ বিজেপি নেতা পি পি চৌধুৰীৰ নেতৃত্বত গঠিত কমিটীখনত সদস্য হিচাপে আছিল জয়ৰাম ৰমেশ, মণীষ তিৱাৰী,বিবেক টাংখা,গৌৰৱ গগৈ,ডেৰেক অ’ ব্ৰেইন,মহুৱা মিত্ৰ,অমৰ পাটনায়ক আৰু ভাৰটুহাৰি মেহটাব ৷