VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চীনৰ অৰুণাচল নীতিত ক্ষুব্ধ হৈ নতুন দিল্লীয়ে শেষ মুহূৰ্তত বাতিল কৰিলে খেলুৱৈৰ ভ্ৰমণ,অৰুণাচলৰ খেলুৱৈক প্ৰদান কৰিছিল ষ্টেপল্ড ভিছা

voicedesk by voicedesk
July 28, 2023
in মুখ্য সংবাদ
চীনৰ অৰুণাচল নীতিত ক্ষুব্ধ হৈ নতুন দিল্লীয়ে শেষ মুহূৰ্তত বাতিল কৰিলে খেলুৱৈৰ ভ্ৰমণ,অৰুণাচলৰ খেলুৱৈক প্ৰদান কৰিছিল ষ্টেপল্ড ভিছা
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

চীনে অৰুণাচল প্ৰদেশত বাস কৰা ভাৰতীয় খেলুৱৈক ষ্টেপল্ড ভিছা (সাধাৰণ ভিছা নহয়) প্ৰদান কৰিছে। সেই দেশৰ চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত ভাৰতে সমগ্ৰ দলটোক ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছলৈ প্ৰেৰণ নকৰিলে ৷ ইয়াৰ পৰাই অনুমান কৰা হৈছে যে অনাগত দিনত কেন্দ্রীয় চৰকাৰে চীনৰ অৰুণাচল নীতিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব পাৰে৷

 

বৃহস্পতিবাৰে মাজনিশা দিল্লীৰ পৰা চীন অভিমুখী বিমানত উঠাৰ কথা আছিল ভাৰতৰ ৮ জনীয়া ৱুশ্বু (এবিধ যুদ্ধ কলা)ৰ দল। বিমানত উঠাৰ কেইমিনিটমান পূৰ্বে সমগ্ৰ দলটোক দিল্লী বিমানবন্দৰত ৰখাই দিয়া হয়। ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছত অংশগ্ৰহণ কৰিবলৈ চীনৰ চেংডুলৈ গৈছিল দলটো। দলটোত আছিল পাঁচজন খেলুৱৈ, দুজন সহায়ক কৰ্মচাৰী আৰু প্ৰশিক্ষক ৰাঘবেন্দ্ৰ সিং। এই গোটত অৰুণাচলৰ কোনো বাসিন্দা নাছিল। কিন্তু প্ৰথম অৱস্থাত অৰুণাচলৰ তিনিজন ৱুশ্বু খেলুৱৈও যাবলগীয়া আছিল । ১৬ জুলাইত সমগ্ৰ দলটোৱে চীনৰ ভিছাৰ বাবে আবেদন কৰিছিল। সকলোকে ভিছা দিয়া হৈছিল যদিও অৰুণাচলৰ সেই তিনিজন খেলুৱৈৰ ভিছা প্ৰদান কৰা নাছিল চীন কৰ্তৃপক্ষই। চীনৰ দূতাবাসে নেইমান ৱাংছু, অনিলু টেগা আৰু মেপুং লামগু নামৰ তিনিগৰাকী খেলুৱৈক মঙলবাৰে পুনৰ ভিছাৰ বাবে আবেদন কৰিবলৈ কয়। বুধবাৰে বিয়লি তেওঁলোকক ষ্টেপল্ড ভিছা প্ৰদান কৰা হয়।

 

দলটোৰ প্ৰশিক্ষক ৰাঘবেন্দ্ৰই কয় যে তেওঁলোকক অভিবাসন বিভাগৰ বিষয়া আৰু চিআইএছএফৰ কৰ্মীয়ে আটক কৰি ৰাখিছে। তেওঁ কয়-‘ চীনৰ বিমানত আমাক উঠাবলৈ দিয়া হোৱা নাছিল। আমাক কোনো কাৰণ কোৱা হোৱা নাছিল। জোৱানসকলে কেৱল কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মানি চলিছে বুলি কয়।” সূত্ৰই জনোৱা মতে, আঠজনীয়া ৱুশ্বু দলটোত অৰুণাচলৰ কোনো বাসিন্দা নাছিল যদিও কেন্দ্ৰটোৱে শেষ মুহূৰ্তত দলটোক. চীনৰ স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি যোৱাৰ অনুমতি প্ৰদান নকৰিলে । ভাৰতীয় ৱুশ্বু ফেডাৰেচনৰ এজন বিষয়াই নিজৰ নাম প্ৰকাশ নকৰাকৈয়ে কয় যে, চীনৰ বৈষম্যমূলক আচৰণৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰে কোনো ভাৰতীয় খেলুৱৈক চীনলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে। এনে পৰিস্থিতিত কোনো ভাৰতীয় নাগৰিকে চীন ভ্ৰমণ কৰিব নালাগে। গতিকে চীনত আয়োজন কৰা প্ৰতিযোগিতাত ৱুশ্বু খেলুৱৈক অংশগ্ৰহণ কৰিবলৈ চৰকাৰ ইচ্ছুক নহয়। গতিকে দলৰ সকলো ঠিকেই আছিল যদিও কাকো বিমানত উঠিবলৈ দিয়া হোৱা নাছিল।

 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় –‘ চীনৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয়। এনে ঘটনাৰ প্ৰতি যথাযথ প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ ভাৰতৰ আছে। আমাৰ সহজ স্থিতি হ’ল বৈধ ভাৰতীয় পাছপ’ৰ্ট থকা ভাৰতীয় নাগৰিকক ভিছা প্ৰদানৰ ক্ষেত্ৰত কোনো বৈষম্য হ’ব নালাগে।এনে ঘটনা মানি ল’ব নোৱাৰি। কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমি চীনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক তীব্ৰ প্ৰতিবাদ জনাইছো। এই ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট।‘

 

 

ৰাজনৈতিক কাৰণত চীনে অৰুণাচল প্ৰদেশক ভাৰতৰ অংশ হিচাপে স্বীকৃতি নিদিয়ে। গতিকে অৰুণাচলৰ কোনো বাসিন্দাই যদি চীনলৈ যাব বিচাৰে তেন্তে চীনৰ অভিবাসন বিভাগে তেওঁৰ পাছপ’ৰ্টত তেওঁৰ ভিছা অনুমোদনৰ ষ্টাম্প  নকৰে। যাৰ বাবে ষ্টেপল্ড ভিছা দিয়া হৈছে। অৰ্থাৎ পাছপ’ৰ্টত ভিছা অনুদানৰ ষ্টাম্প থকা এখন সুকীয়া কাগজ ষ্টেপল কৰা হয়। পিছত যদি কাগজখন ফাটি যায় তেন্তে সংশ্লিষ্ট ব্যক্তিজনৰ ভাৰতীয় নাগৰিক হিচাপে চীন ভ্ৰমণৰ কোনো ৰেকৰ্ড ভাৰতীয় কৰ্তৃপক্ষৰ হাতত নাথাকিব । নতুন দিল্লীয়ে চীনৰ এই নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এছিয়ান গেমছকো প্ৰতিবাদ হিচাপে বাছি লোৱা হ’ব পাৰে।ইয়াৰ পূৰ্বেও চীনে অৰুণাচল প্ৰদেশৰ খেলুৱৈক ষ্টেপল্ড ভিছা প্ৰদান কৰাৰ কেইবাটাও দৃষ্টান্ত দেখা গৈছে। ইয়াৰ পূর্বে কেন্দ্রই প্রতিবাদ কৰিছিল যদিও দল প্রেৰণ নকৰাৰ দৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাছিল৷

Previous Post

এতিয়াৰ পৰা ৱেব ডিজাইনিঙৰ ক্ষেত্ৰতো মানুহক সহায় কৰিব এ.আয়ে

Next Post

বিশ্বৰ আটাইতকৈ ডাঙৰ মেকুৰী হিচাপে অভিহিত কৰা হৈছে ‘কেফিৰ’ক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বিশ্বৰ আটাইতকৈ ডাঙৰ মেকুৰী হিচাপে অভিহিত কৰা হৈছে ‘কেফিৰ’ক

বিশ্বৰ আটাইতকৈ ডাঙৰ মেকুৰী হিচাপে অভিহিত কৰা হৈছে ‘কেফিৰ’ক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7