কামৰূপ মহানগৰ জিলাৰ ব্যক্তিগত চিকিৎসালয়, শ্বপিং মল, বাৰ, ৰেষ্টুৰেণ্ট, চিনেপ্লেক্স আদিৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ জিলা প্ৰশাসন ৷ বিশেষকৈ অগ্নি, বিজুলী আৰু অন্যান্য় জৰুৰী ব্যৱস্থাপনাৰ লগতে খাদ্য সুৰক্ষাৰ চৰ্তসমূহ এই প্ৰতিষ্ঠানসমূহে কটকটীয়াভাৱে এতিয়াৰ পৰা মানি চলিব লাগিব ৷ এইক্ষেত্ৰত প্ৰতিষ্ঠানসমূহে কৰি অহা উলংঘাৰ বাবে জনসাধাৰণ অধিক ক্ষতিগ্ৰস্ত কৰিব বুলি আশংকা কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সকলো প্ৰতিষ্ঠানক অহা ৩০ দিনৰ ভিতৰত আৱশ্যকীয় সকলো সুৰক্ষা ব্যৱস্থা উপলব্ধ কৰিবলৈ আৰু উপযুক্ত পৰীক্ষণৰ পিছত সংশ্লিষ্ট বিভাগসমূহৰ পৰা এই বিষয়ত প্ৰমাণপত্ৰ সংগ্ৰহ কৰি দাখিল কৰিবলৈ নির্দেশ দিছে ৷এই নতুন নির্দেশ অনুসৰি প্ৰতিষ্ঠানসমূহে তলত উ্ল্লেখিত প্ৰমাণপত্ৰসমূহ দাখিল কৰিব লাগিব-
১) প্ৰতিষ্ঠানসমূহত সক্ৰিয় ইনবিল্ট ফায়াৰ ইনষ্টলেশ্বন, অগ্নি নিৰ্বাপন ব্যৱস্থা, জুই লাগিলে প্ৰস্থান কৰাৰ পথ চিহ্নিত থাকিব লাগিব আৰু এই ক্ষেত্ৰত অগ্নি আৰু জৰুলীকালীন সেৱাৰ আপডেটেড প্ৰমাণপত্ৰ ৷
২) বিজুলী সংক্ৰান্তীয় সুৰক্ষাৰ যাৱতীয়. ব্যৱস্থা আৰু এইক্ষেত্ৰত মুখ্য ইলেকট্ৰিকেল ইন্সপেক্টৰ তথা উপদেষ্টাৰ প্ৰমাণপত্ৰ।
৩) আপডেটেত ফুড চেফটি অডিট আৰু স্বাস্থ্য আৰু এই ক্ষেত্ৰত পৰিয়াল কল্যাণ বিভাগৰ প্ৰমাণপত্ৰ।
৪) জৰুৰী দুৰ্যোগ ব্যৱস্থাপনা আৰু এই সম্পৰ্কত সু-পৰিকলপনাৰ ব্যৱস্থা।
৫) লিফ্ট আৰু ইলেভেটৰৰ চেফটি অডিট আৰু মুখ্য ইলেকট্ৰিকেল ইন্সপেক্টৰৰ প্ৰমাণপত্ৰ।
৬) অগ্নি সুৰক্ষা, অথা জৰুৰী দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ প্ৰদান আৰু এই ক্ষেত্ৰত সবিশেষ প্ৰতিবেদন।