নিজৰ প্ৰেমিকাক হত্যা কৰি মৃতদেহৰ ৩৫ টুকুৰা কৰি দিল্লীৰ ভিন্ন স্থানত পেলাই দিয়া এক লোমহর্ষক হত্যাকাণ্ডি জোকাঁৰি গৈছে সমগ্ৰ দেশ ৷ এই বর্বৰ কাণ্ড সংঘটিত কৰা প্ৰেমিক আফতাব আমিন পুনাৱালক দিল্লী অৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে কেতবোৰ গুৰুত্বপূর্ণ বিস্ফোৰক তথ্য ৷ ইতিমধ্যে ‘লিভ ইন ৰিলেচনশ্বিপ’ত থকা শ্ৰদ্ধা নামৰ যুৱতী গৰাকীক হত্যা কৰাৰ কথা আৰক্ষীৰ আগত আফতাবে স্বীকাৰ কৰিছে ৷ আৰক্ষীৰ তথ্য অনুসৰি শ্ৰদ্ধাক হত্যা কৰাৰ পাছত কোনোধৰণৰ অনুশোচনাত ভোগা নাছিল আফতাব ৷ আনকি শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰা নিজে বাস কৰা ফ্লেটৰ ফ্ৰীজত ৰাখি থোৱাৰ পাছতিও তেওঁৰ আচৰনত কোনো অস্বাভিৱকতা অহা নাছিল ৷ বৰঞ্চ ধূপ-ধুনা জ্বলোৱাৰ লগতে ৰুম ফ্ৰেছনাৰ আদিকে ধৰি বিভিন্ন সুগন্ধি ব্যৱহাৰ কৰি কোনেও যাতে দুর্গন্ধ নাপায় তাৰ ব্যৱস্থা কৰিছিল আফতাবে ৷ তদুপৰি হত্যাকাণ্ডৰ পাছত কেনেদৰে তেজৰ চেঁকুৰা পৰিস্কাৰ কৰিব লাগে অথবা মৃতদেহ গেলি নোযোৱাকৈ ৰাখিব লাগে সেই সন্দর্ভত গুগলৰ জৰিয়তে বিচাৰি লৈছিল ৷
আনকি শ্ৰদ্ধাক হত্যা কৰাৰ পাছতে আন এগৰাকী মহিলাৰ সৈতে সম্পর্ক স্থাপন কৰিছিল আফতাবে ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, আফতাব আমিন পুনাৱালাই হত্যাকাণ্ডৰ কিছুদিন পিছতে আন এগৰাকী মহিলাক নিজৰ এপাৰ্টমেণ্টলৈ লৈ আহে ৷ নতুন মহিলা গৰাকীক ফ্লেটলৈ অনাৰ সময়ত শ্ৰদ্ধাৰ মৃতদেহ ফ্ৰীজতে আছিল।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শ্ৰদ্ধাক হত্যা কৰা বুলি অভিযোগ উত্থাপন হোৱাৰৰ মাত্ৰ ১৫-২০ দিনৰ পিছত আফতাব পুনাৱালাই এটা ডেটিং এপতে আন এগৰাকী মহিলাক লগ পাই প্ৰেমৰ সম্পর্ক আৰম্ভ কৰে। আফতাবে সেই মহিলাগৰাকীক সঘনাই নিজৰ ঘৰলৈ আনিছিল, যিসময়ত শ্ৰদ্ধাৰ মৃতদেহৰ অৱশিষ্ট তেতিয়াও এপাৰ্টমেণ্টটোত আছিল। কিন্তু যেতিয়া তেওঁ নিজৰ নতুন প্ৰেমিকাক ঘৰলৈ আনিছিল, তেতিয়া তেওঁ মৃতদেহৰ অংশবোৰ আলমাৰীত লুকাই থৈছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে।
এইটো ফ্ৰীজতে ভৰাই ৰখা হৈছিল শ্ৰদ্ধাৰ মৃতদেহ
চেফ হিচাপে প্ৰশিক্ষণ লোৱা আফতাবে শ্ৰদ্ধাৰ মৃতদেহ টুকুৰা টুকুৰকৈ কটাৰ পূৰ্বে তেজৰ দাগ আৰু “এনাটমী” কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি সেই বিষয়ে গুগল কৰিছিল বুলি অভিযোগ উঠিছে। তেওঁ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰা চোকা অস্ত্ৰৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ কথা যাতে কোনেও গম নাপায় তাৰ বাবে আফতাবে বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগ ৰাখিবলৈ শ্ৰদ্ধাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে। দুমাহতকৈও অধিক সময় শ্ৰদ্ধাৰ ফোনটো চুইচ অফ হৈ থকাৰ বাবে তেওঁৰ বন্ধুসকলৰ সন্দেহ বাঢ়ি আহিছিল ৷ লগতে আৰক্ষীয়ে সদৰী কৰা অনুসৰি আফতাবে শ্ৰদ্ধাক হত্যা কৰি মৃতদেহ ৰখা কোঠাটোতে প্ৰতিদিনে শুইছিল। আফতাবে মৃতদেহৰ টুকুৰাবোৰ পেলাই দিয়াৰ পাছত ফ্ৰীজটো চাফা কৰিছিল।ডেক্সটাৰ নামৰ ৰ এখন আমেৰিকান ক্ৰাইম ছিৰিয়েল চাই আফতাবে শ্ৰদ্ধাক হত্যাৰ পাছত এনেদৰে গোপন পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে ৷