গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ নতুন নিৰ্দেশনা। এতিয়াৰে পৰা চাকৰিয়ালৰ ক্ষেত্ৰত নামভৰ্তিৰ বাবে প্ৰয়োজন নহ’ব আপত্তিবিহীন প্ৰমাণপত্ৰ(এনঅ’চি) ৷
নামভর্ত্তি অথবা পাঠ্যক্ৰম সম্পূর্ণ কৰাৰ ক্ষেত্ৰত নালাগে এই আপত্তিবিহীন প্ৰমাণপত্ৰ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ সঞ্চালক ড০ দেৱহৰি তালুকদাৰে জাৰি কৰে নিৰ্দেশনা। এই ব্যৱস্থাই কর্তব্যৰ লগতে অধ্যয়ন অব্যাহত ৰাখিব বিচৰাসকলক সহায় কৰিব ৷