কেইবাটাও কার্যসূচীৰে শনিবাৰে গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰী গৰাকীৰ আগমনৰ বাবে কাইলৈ গুৱাহাটীত যানবাহন চলাচলৰ নতুন নির্দেশনা প্ৰদান কৰা হৈছে ৷ তেওঁ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম পুলিচ কামাণ্ডোৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতেই শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক এখন গ্রন্থ উন্মোচন কৰিব। সন্ধিয়া কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে পাণবজাৰত ব্ৰহ্মপুত্ৰৰ পাৰত নির্মীয়মান সৌন্দর্যবর্ধন উন্নয়ন প্রকল্প উদ্বোধন কৰিব।
উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমত উপস্থিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে বিয়লি তেজপুৰৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰাৰ লগতে স্বচ্ছতা সেৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সন্ধিয়া, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আয়োজিত ড৹ ভূপেন হাজৰিকা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব। কাইলৈ তেওঁ তেজপুৰত সশস্ত্র সীমা বলৰ ৬০ সংখ্যক প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰিব। প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ পাছত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ঢেকীয়াজুলিত হ’বলগীয়া সদৌ বাথৌ মহাসভাৰ ত্রি-বার্ষিক সম্মিলনত উপস্থিত থাকিব। বিয়লিলৈ তেওঁ গুৱাহাটীলৈ আহিব ৷
কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত কাইলৈ যান-বাহন চলাচলৰ ক্ষেত্ৰত থকা নির্দেশনা এনেধৰণৰ –
১. দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোড, জিএনবি ৰোড, এমজি ৰোড, এটি ৰোডত লঘু/মজলীয়া/গধুৰ বাণিজ্যিক বাহনসমূহৰ প্ৰৱেশ নিষেধ কৰা হৈছে।
২. জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোড, জিএনবি ৰোড, এমজি ৰোড আৰু এটি ৰোডৰ ওপৰেৰে চলাচল কৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ, আন্তঃজিলা বাছ আৰু চিটি বাছসমূহ দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ নিয়ন্ত্ৰণ কৰা হ’ব।
৩. দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোড, জিএনবি ৰোড, এমজি ৰোড, এটি ৰোডত ই ৰিক্সা, থেলা, ৰিক্সাৰ দৰে লেহেমীয়া গতিৰ বাহনৰ চলাচল নিষেধ কৰা হৈছে।
৪. সামগ্ৰী কঢ়িওৱা সকলো বাণিজ্যিক (লঘু/মজলীয়া/গধুৰ বাহন) বাহনৰ চলাচল দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিষেধ কৰা হৈছে।
৫. সামগ্ৰী কঢ়িওৱা সকলো বাণিজ্যিক (লঘু/মজলীয়া/গধুৰ বাহন) বাহনৰ চলাচল বিয়লি ৪ বজাৰ পৰা নিশা ৮ বজালৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিষেধ কৰা কৰা হৈছে।
অৱশ্যে, স্কুল বাছ, এম্বুলেঞ্চ, অগ্নি নিৰ্বাপক বাহিনী আৰু অন্যান্য জৰুৰীকালীন বাহনৰ বাবে এই নিষেধাজ্ঞাবোৰ শিথিল কৰা হ’ব।