গুৱাহাটী উচ্চ ন্যায়ালয়ত ১৫ অক্টোবৰ তাৰিখে ছগৰাকী ন্যায়াধীশক শপত গ্ৰহণ কৰোৱা হয়। মূখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়াই উচ্চ ন্যায়ালয়ৰ নতুন ব্লকৰ ১নং আদালতত তেওঁলোকক শপতনামা পাঠ কৰায়।
এই ছগৰাকী ন্যায়াধীশৰ ভিতৰত দুগৰাকী অতিৰিক্ত ন্যায়াধীশ ক্ৰমে সৌমিত্র শইকীয়া আৰু পাৰ্থিৱজ্যোতি শইকীয়াই স্থায়ী ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ১৫ তাৰিখে অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা কেইগৰাকী হ’ল ক্ৰমে কাখেতো চেমা, দেবাশিস বৰুৱা, মালাশ্ৰী নন্দী আৰু মাৰ্লি ডানকুং।