ভাৰতৰ নতুন সংসদ ভৱন চলিত মাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি চূড়ান্ত পৰ্যায়ত থকা এই নতুন ভৱনটো মে’ মাহৰ শেষৰ সপ্তাহত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ৷ মোদী চৰকাৰৰ নৱম বর্ষপূর্ত্তি উপলক্ষে এই ভৱন মুকলি কৰিব ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ বছৰ পূৰ্বে ২০১৪ চনৰ ২৬ মে’ত শপত গ্ৰহণ কৰিছিল।
আনুমানিক ৯৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চাৰি মহলীয়া ভৱনটোত ১২২৪ জন সাংসদ বহিব পাৰিব বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও ইয়াত ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে এটা গ্ৰেণ্ড কনষ্টিটিউচন হল, ডাইনিং এৰিয়া আৰু যথেষ্ট পাৰ্কিং স্থান আছে।
দুয়োখন সদনৰ কৰ্মচাৰীক নতুন ইউনিফৰ্ম প্ৰদান কৰা হ’ব ৷ নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (এন আই এফ টি)য়ে এই পোচাক ডিজাইন কৰিছে। নতুন ভৱনটোত তিনিখন দুৱাৰ আছে – জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্মদ্বাৰ ৷ সাংসদ, ভিআইপি আৰু দৰ্শনাৰ্থীৰ বাবে পৃথক প্ৰৱেশৰ সুবিধা আছে বুলি বিষয়াসকলে জনায়।
সূত্ৰসমূহে জনোৱা মতে, সংশোধিত নিয়ম অনুসৰি জুলাই মাহত নতুন ভৱনটোত সংসদৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হ’ব। ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ ৯ বছৰ উপলক্ষে বিজেপিয়ে সমগ্ৰ দেশতে এক বৃহৎ মাহজোৰা “বিশেষ গণসম্পর্ক অভিযান”ৰ পৰিকল্পনা কৰিছে ৷ য’ত লোকসভা সমষ্টিৰ সকলো সমষ্টি সামৰি লোৱা হৈছে।
৩০ মে’ত প্ৰধানমন্ত্ৰী মোদীয়ে বিশাল সমাৱেশেৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিব বুলি বিজেপিৰ সূত্ৰই প্ৰকাশ কৰি কয় যে পিছদিনা অৰ্থাৎ ৩১ মে’ত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়খন ৰেলী অনুষ্ঠিত হ’ব।দেশজুৰি বিজেপিৰ জ্যেষ্ঠ নেতাৰ ৫১খন সমাৱেশৰ পৰিকল্পনা কৰা হৈছে। লোকসভাৰ ৩৯৬ টা সমষ্টিত ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। বিজেপিৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ বিৰোধী দলৰ নেতা, সাংসদ, বিধায়ককো এই সমাৱেশ আৰু ৰাজহুৱা সভালৈ আমন্ত্ৰণ জনোৱা হ’ব।