ৰাজ্যৰ ভিন্ন প্ৰান্তত মৌলবাদী তথা জেহাদী কার্যকলাপ বৃদ্ধি পোৱাৰ পাছত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ বিশেষকৈ মৰিগাঁও,বৰপেটা আদি অঞ্চলত বাংলাদেশৰ পৰা অহা জেহাদীয়ে ঘাটি পাতি উগ্ৰবাদী কার্যকলাপ বিস্তাৰ কৰিবলৈ চেষ্টা কৰাৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত ৷ বিভিন্ন মছজিদত ইমাম হিচাপে কাম কৰাৰ চলেৰে জেহাদী কার্যকলাপ সম্প্ৰসাৰণৰ চেষ্টা চলোৱাও পৰিলক্ষিত হৈছে ৷ যাৰ বাবে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ সেই অনুসৰি অসমৰ মছজিদ অথবা মাদ্ৰাছাত থকা ধৰ্মীয় শিক্ষকসকল ৰাজ্যৰ বাহিৰৰ পৰা আহিলে চৰকাৰী প’ৰ্টেলত এতিয়াৰ পৰা নাম পঞ্জীয়ন কৰিব লাগিব ৷ সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপত দুজন মৌলবীক গ্ৰেপ্তাৰ কৰাৰ বাবে এই নতুন নিয়ম ঘোষণা কৰা হৈছে ৷
এক অনুষ্ঠানৰ অন্তত তেওঁ সংবাদমাধ্যমৰ আগত কয় -“ধৃতসকলৰ ভিতৰত এজনে মছজিদত ইমাম হিচাপে কাম কৰা আছিল। তেওঁ বহু গাঁৱত জেহাদী নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছিল। জেহাদী নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে ৬ জন বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশ কৰিছিল। ছয়জন বাংলাদেশী নাগৰিকৰ ভিতৰত অসম আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে ৷ পাঁচজন এতিয়াও পলাতক হৈ আছে।অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব। আমি এতিয়া কিছুমান ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) বনাইছো যে যদি কোনো ইমাম গাঁৱলৈ আহে তেন্তে স্থানীয় আৰক্ষীক অৱগত কৰিব লাগিব। আৰক্ষীয়ে সকলো তথ্য চালজাৰি চোৱাৰ পাছত মানুহে তেওঁক ইমাম হিচাপে নিযুক্তি দিব পাৰিব। মুছলমান সমাজে এই সন্দৰ্ভত আমাক সমৰ্থন আগবঢ়াইছে।“
মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰা অনুসৰি অসমৰ বাসিন্দাসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব। অসমৰ বাসিন্দাসকলৰ বাবে তেওঁলোকৰ সবিশেষ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। কিন্তু ৰাজ্যৰ বাহিৰৰ পৰা অহাসকলে প’ৰ্টেলত নিজৰ সবিশেষ পঞ্জীয়ন কৰিব লাগিব।
শেহতীয়াকৈ ডঃ শৰ্মাই প্ৰকাশ কৰিছিল যে অসম “জেহাদী কাৰ্যকলাপৰ” কেন্দ্ৰবিন্দু হৈ পৰিছে। যোৱা ৫ মাহত বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন এ বি টিৰ সৈতে সম্পৰ্ক থকা ৫টা মডিউল জব্দ কৰা হৈছে। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰক্ষীয়ে এতিয়ালৈকে ৪০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ৷ বিশেষকৈ নিম্ন আৰু মধ্য অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে ৷