ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি অহা ৬ ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান।এইক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছে কেত বোৰ নীতি নিৰ্দেশনা।
এই নতুন নিৰ্দেশনা অনুসৰি যিসমূহ জিলাত ক’ভিড আক্ৰান্তৰ হাৰ ০২% তললৈ হ্ৰাস পাইছে সেই জিলা সমূহত দ্বাদশ,স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ লগতে কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ পাঠদান নিয়মীয়া কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।
অন্যহাতে যিসমূহ জিলাত ক’ভিড আক্ৰান্তৰ হাৰ ০২% অতিক্ৰম কৰিছে সেই জিলাসমূহৰ উপায়ুক্ত,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন সঞ্চালকৰ সৈতে আলোচনা কৰি শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব।পুনৰ ০২% লৈ হাস পালে শিক্ষা প্ৰতিষ্ঠান খুলিব পাৰিব।
অৱশ্যে প্ৰথম শ্ৰেণীৰ পৰা একাদশ,মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অন্যান্য ষাণ্মাসিকৰ পৰৱৰ্ত্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব।যদিও অনলাইন মাধ্যমৰ যোগেদি পাঠদান অব্যাহত ৰাখিব পাৰিব।
আনহাতে দুটা ড’জ প্ৰতিষেধক লাভ কৰা শিক্ষাৰ্থী সকলে অহা ৬ ছেপ্টেম্বৰৰ পৰা শিক্ষাৰ্থী নিবাসত থাকিব পাৰিব।একেদৰে এটা ড’জ প্ৰতিষেধক লোৱা ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া পাঠদানত উপস্থিত থাকিব পাৰিব।
ইফালে দ্বাদশ শ্ৰেণীৰ ১৮ বছৰৰ তলৰ ছাত্ৰ –ছাত্ৰীয়ে ভেকচিন নললেও সংশ্লিষ্ট শিক্ষা প্ৰতিষ্ঠানৰ অনুমতি সাপেক্ষে নিয়মীয়া পাঠদানত অংশ গ্ৰহণ কৰিব পাৰিব।অৱশ্যে এটা শাখাত ৩০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব।
ইয়াৰলগতে প্ৰতি সপ্তাহৰ মূৰে মূৰে সকলো প্ৰতিষ্ঠান ছেনিটাইজ কৰিব লাগিব।বিদ্যালয় পৰিচালনা সমিতি,জিলা উপায়ুক্ত,বিদ্যালয় পৰিদৰ্শক আৰু স্বাস্থ্য সেৱা সঞ্চালকৰ যুটীয়া তত্বাৱধানত এই ছেনিটাইজেচন হ’ব লাগিব।
উল্লেখ্য যে দ্বাদশ শ্ৰেণীৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী ১৮ বছৰত তলৰ। তেনে ক্ষেত্ৰত ১৮ অনুৰ্ধ এই সকল ছাত্ৰ-ছাত্ৰীক অধিক মনোনিবেশ কৰিবলৈ এই এছ অ’ পিত পৰামৰ্শ প্ৰদান কৰা হৈছে।
শিক্ষা প্ৰতিষ্ঠানসমূহত শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰীসকলৰ ৰেজিষ্টাৰ বহী থাকিব লাগিব।আৰু সেই ৰেজিষ্টাৰ বহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব।
আনহাতে ব্যক্তিগত বিদ্যালয়ৰ স্কুল বাছ সমূহৰ ক্ষেত্ৰত সামাজিক দূৰত্ব মানি চলিব লাগিব। একেদৰে বিশ্ববিদ্যালয়সমূহে ক’ভিডৰ নীতি-নিৰ্দেশনা,শিক্ষা বিভাগৰ সকলো এছ অ’ পি মানি পাঠদান সন্দৰ্ভত নিজা এছ অ’ পি তৈয়াৰ কৰিব লাগিব।
লগতে কোনো শিক্ষাৰ্থীয়ে যদি ঘৰৰ পৰা অনলাইন শিক্ষা ল’ব বিচাৰে তেন্তে তাৰ অনুমতি প্ৰদান কৰিব লাগিব। তাৰোপৰি শিক্ষা প্ৰতিষ্ঠান সমূহত কোনো ধৰণৰ উৎসৱ,পূজা-পাৰ্বন আদি অনুষ্ঠিত কৰিব নোৱাৰিব।