ৰাষ্ট্ৰীয় শিক্ষা নীতি মানি চলি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা বা আই কে এছ অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছে ইউ জি চিয়ে। যোৱা বছৰৰ ডিচেম্বৰত এই কথা প্ৰকাশ পোৱাৰ পিছৰে পৰা এই বিতৰ্ক আৰম্ভ হৈছিল। ইয়াৰ উপৰিও আই কে এছত সামৰি লোৱা বিষয়সমূহ কেনেকৈ শিকোৱা হ’ব সেই সম্পৰ্কে শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ নিৰ্দেশনাও সন্নিবিষ্ট কৰা হৈছে। এইবাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ আদেশ দিয়া হৈছে । বিৰোধীসকলৰ মতে ইয়াৰ লক্ষ্য হৈছে পৰম্পৰাগত প্ৰথাৰ নামত বিজেপি চৰকাৰৰ উগ্ৰ হিন্দুত্ববাদী উন্মাদনাক ইন্ধন যোগোৱা।
আই কে এছক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশনাত কোৱা হৈছে যে ভাৰতীয় ঐতিহ্যৰ সৈতে ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, গণিত, সমাজবিজ্ঞান, অভিযান্ত্ৰিক, চিকিৎসা আদিৰ সংমিশ্ৰণ ঘটিব। উদাহৰণস্বৰূপে, বৰ্তমানৰ গণিতৰ পাঠ্যক্ৰম বৈদিক যুগৰ পৰাই আৰম্ভ হ’ব। শুল্বসূত্ৰৰ ওপৰত গুৰুত্ব দিব লাগে। বা জৈৱ ৰসায়ন, জৈৱপদাৰ্থ বিজ্ঞানৰ লগতে আয়ুৰ্বেদৰ বিভিন্ন দিশ, গণিতৰ লগতে বেদাংগ জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিব লাগে।
ছাত্ৰ-ছাত্ৰীক আই কে এছ বিষয় অধ্যয়ন কৰিবলৈ উৎসাহিত কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত আই কে এছ বিষয়ৰ পৰা মুঠ ক্ৰেডিটৰ ৫% ল’ব লাগে। স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও আই কে এছৰ ওপৰত ‘ফাউণ্ডেশ্যন কোৰ্চ’ৰ প্ৰস্তাৱ দিয়া হৈছে। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে আয়ুৰ্বেদ, যোগ, সিদ্ধা আদি অধ্যয়ন কৰিব লাগে। এই বিষয়সমূহৰ ওপৰত গৱেষণাৰ বাবেও আৰ্থিক অনুদানৰ ব্যৱস্থা কৰা হ’ব। এই সকলোবোৰ পাঠ্যক্ৰম ভাৰতীয় ভাষাত পঢ়োৱাটো ভাল।
অল ইণ্ডিয়া চেভ এডুকেচন কমিটীৰ সাধাৰণ সম্পাদক তৰুণ কান্তি নাস্কৰে উগ্ৰ হিন্দু ধৰ্মৰ সৃষ্টি কৰি দেশখনক হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰি কয়, “যেনেকৈ এটা সূতাই মালাৰ সকলো ফুল একেলগে ধৰি ৰাখে, ঠিক তেনেদৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সেই সূতাটোৱেই হৈছে আই কে এছ। এইটোৱেই হৈছে সমগ্ৰ শিক্ষা নীতিৰ মূল কেন্দ্ৰবিন্দু।”