ভাৰতীয় নৌসেনাত অত্যাধুনিক প্ৰযুক্তিৰ সংযোজনে সেনা বাহিনীক সবল কৰি তুলিছে। অলপতে ভাৰতে প্ৰজেক্ট ৭৫ ৰ অধীনত ভেলা নামৰ এখন অত্যাধুনিক ছাবমেৰিন লাভ কৰে। ভাৰতত নিৰ্মাণ কৰা ছাবমেৰিনখন প্ৰজেক্ট ছাবমেৰিনৰ অন্তৰ্গত চতুৰ্থখন ছাবমেৰিন।
দুবছৰৰ পৰীক্ষাৰ অন্তত স্কৰপেন ছাবমেৰিন আই এন এছ ভেলাক মাজাগন ডক ছিপবিল্ডাৰে নৌসেনাৰ হাতত অৰ্পণ কৰা হয়।
প্ৰজেক্ট ৭৫ ৰ অধীনত নৌসেনাৰ ৬ খন ডিজেল-বিদ্যুত চালিত ছাবমেৰিন নিৰ্মাণৰ ভাৰতত সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰে ২০১৫ চনত আই এন এছ কলবাৰী, ২০১৭ চনত আই এন এছ খাণ্ডেৰী আৰু ২০১৯ চনত আই এন এছ কৰঞ্জক নৌসেনাক অন্তৰ্ভুক্ত হয়। আই এন এছ ভেলা হৈছে চতুৰ্থখন ছাবমেৰিন।
আনহাতে প্ৰজেক্ট ৭৫ ৰ অন্তৰ্গত অন্য দুখন ছাবমেৰিন আই এন এছ ৱাগিৰ আৰু আই এন এছ ৱাগশীৰৰ পৰীক্ষা এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই।
উল্লেখযোগ্য যে ভাৰতীয় নৌসেনাত অলপতে ভাইচ এডমিৰেল আৰ হৰি সিঙে মুৰব্বী হিচাপে যোগদান কৰে। নতুন সেনা প্ৰধানৰ নেতৃত্বত ভাৰতীয় নৌসেনা অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে।