গো-সৰবৰাহ নিষিদ্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে ৷কিন্তু ইয়াৰ মাজতো ৰাজ্যত অব্যাহত আছে গো-সৰবৰাহ ৷ গো-সৰবৰাহক লৈ দুৰ্গা পূজাৰ সময়ত গহপুৰৰ হাৱাজানত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ পেট্ৰ’ল, ডিজেল কঢ়িয়াই অনা টেংকাৰ গাড়ীত উদ্ধাৰ কৰা হৈছে ২০ টা গৰু।
নিশা প্ৰায় ডেৰ বজাত এখন টেংকাৰ গাড়ীৰ পৰা হাৱাজান আৰক্ষী চকীৰ আৰক্ষীয়ে কলাবাৰীত গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে টেংকাৰখনেৰে গৰুখিকেইটা লখিমপুৰ, ধেমাজি দিশৰ পৰা নগাঁও ,গুৱাহটী অভিমুখে আনি আছিল।
ইফালে গৰু ভৰ্তি টেংকাৰখন জব্দ কৰাৰ পাছতে চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰাই পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷