বন্যপ্ৰাণীপ্ৰেমী আৰু প্ৰাকৃতিক নৈসর্গ উপভোগ কৰি ভাল পোৱা ভালপোৱা পর্যটকসকলৰ বাবে সুখবৰ ৷ এইবাৰ নতুন ৰূপত পর্যটকসকলে উপভোগ কৰিব পাৰিব এশিঙীয়া গড়ঁৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷
২০২৩-২৪ পৰ্যটন বৰ্ষত বৃহত্তৰ কজিৰঙা হিচাপে পর্যটকৰ বাবে মুকলি কৰা হ’ব ৷ ৷ এই কথা সংবাদমাধ্যমক সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা ডঃ সোণালী ঘোষে ৷ সঞ্চালিকাগৰাকীয়ে প্ৰকাশ কৰা আনুসৰি নতুন পৰ্যটন বৰ্ষ কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে সীমাবদ্ধ নাথাকিব। লাওখোৱা বুঢ়াচাপৰি আৰু বিশ্বনাথ ঘাট নতুনকৈ সংযোজন কৰা হ’ব ৰাষ্ট্ৰীয় উদ্যানখনত ।
পর্যটকসকলে দুই নতুন পৰ্যটন থলী পৰিদর্শন কৰিব পাৰিব ৷ নতুন স্থানসমূহত জীপ ছাফাৰী উপলব্ধ হ’ব ৷ উল্লেখ্য যে বানে ক্ষতিসাধন কৰা বাটপথ- দলং আদিৰ মেৰামতি কৰিব লগীয়া হোৱাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাত বিলম্ব হৈছে ৷ অৱশ্যে পূজাৰ আগতে কাজিৰঙা মুকলি হোৱাৰ সম্ভাৱনা আছে ৷