আজি গুৱাহাটীৰ হেঙেৰাবাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নতুন যান-বাহন নিয়ন্ত্ৰণ প্ৰণালীৰ ৷ আজিৰে পৰা মহানগৰীত সক্ৰিয় হ’ব ৯৪টা আই টি এম এছ য’ত সংযুক্ত হৈ থাকিব অত্যাধুনিক সা-সুবিধাৰ লগতে আৰু বহুতো সা- সুবিধা ৷
উল্লেখনীয় যে যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰণালীৰ ক্ষেত্ৰত মুঠ ব্যয় হৈছে ৭৮কোটি টকা ৷ গুৱাহাটী মহানগৰীৰ উলুবাৰীত থাকিব ইয়াৰ নিয়ন্ত্ৰণ কক্ষ ৷নতুন ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ছিগনেলত থকা চিচিটিভি কেমাৰা সমূহত ধৰা পৰিব বিভিন্ন সময়ত চালক সকলে ৰে’ড লাইট উলংঘা কৰাৰ দৃশ্য,হেলমেট নিপিন্ধা চালক ,ট্ৰিপল ৰাইডিং অৰ্থাৎ বাইকত তিনিজন লোক উঠা ,বাহন চলোৱাৰ সময়ত ফোনত কথা পাতি থকা আৰু চিটবেল্ট পৰিধান নকৰা আদিৰ দৰে কিছু নিয়ম বৰ্হিভূত দৃশ্য৷
এই ব্যৱস্থাত যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ সংস্থাপন কৰা হৈছে ১০০০ৰো অধিক চিচিটিভি কেমেৰা ৷ এই কেমেৰাত সংগ্ৰহিত হ’ব সমগ্ৰ যান-জঁট আৰু পথৰ দৃশ্য ৷ আনহাতে মাটিত এটা কেমেৰা স্থাপন কৰা হ’ব যাৰ দ্বাৰা বাহনসমূহৰ সন্মূখভাগ আৰু নম্বৰ প্লেট চিনাক্ত কৰিব পৰা যাব ৷ আনহাতে ছেন্সৰে যান-বাহনৰ নিয়ম উলংঘনকাৰী সকলক সহজেই চিনাক্ত কৰিব আৰু ইয়াৰ ফলত স্বয়ংক্ৰিয়ভাৱে ই-চালানৰো সৃষ্টি কৰিব ৷