বিশ্বৰ লগতে ভাৰততো ক’ভিডৰ নতুন ভেৰিয়েণ্ট জেএন.১ সংক্ৰমণ ঘটিছে ৷ অসমতো ক’ভিডৰ নতুন ভেৰিয়েণ্ট চিনাক্ত হৈছে ৷ গুৱাহাটীৰ এগৰাকী যুৱতী ক’ভিডৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে । ছুইডেনৰ পৰা উভতি আহিছিল যুৱতীগৰাকী ৷ বৰ্তমান ক’ভিডত আক্ৰান্ত যুৱতীগৰাকী হোম আইচ’লেচনত আছে। জানিব পৰা মতে, বৃহস্পতিবাৰে জিএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰোতে যুৱতীগৰাকী ক’ভিড পজিটিভ বুলি চিনাক্ত হয় ৷
ক’ৰোনা সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে সমগ্ৰ দেশতে এতিয়ালৈকে ক’ৰেনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৰেলা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, কৰ্ণাটককে ধৰি ৰাজ্যসমূহত ক’ভিড পজিটিভিটিৰ হাৰ বৃদ্ধি পাইছে। বর্তমান দেশত ২৬৬৯ জন ক’ৰেনাত সক্ৰিয় ৰোগী আছে। ইয়াৰে কেৰালাত ২৩৪১, দিল্লীত ৩, গোৱাত ১৯, গুজৰাটত ২৩, কৰ্ণাটকত ৯২, মহাৰাষ্ট্ৰত ৪৫, মধ্যপ্ৰদেশত ৩, পঞ্জাৱত ৬, পুডুচেৰীত ২২, তামিলনাডুত ৮৯, তেলেংগানাত ১৪, উত্তৰ প্ৰদেশত ৩ আৰু ৰাজস্থানত ৩ জন।