দক্ষিণ আফ্ৰিকাত অলপতে কভিদৰ নতুন ভেৰিয়েণ্টে দেখা দিছে। নতুন ভেৰিয়েণ্টৰ আগমনে সকলোকে শংকিত কৰি তুলিছে।।দুটাকৈ কভিদ ভেকচিন লোৱা লোকসকলো গুৰুতৰ ভাৱে সংক্ৰমিত হৈছে।
ইতিমধ্যে এই ভাইৰাছ ইজৰাইল আৰু বেলজিয়ামলৈ বিয়পি পৰাৰ খবৰ জানিব পৰা গৈছে। ফলত সকলো শংকাত পৰিছে।
দক্ষিণ আফ্ৰিকাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বিশ্বৰ বহু দেশে বিমান যোগাযোগ বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে ছিংগাপুৰ, ইটালী, জাৰ্মানী, ব্ৰিটেইন আদি দেশে ইতিমধ্যে বিমান চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে।
দক্ষিণ আফ্ৰিকাৰ সৈতে যোগাযোগ বিছিন্ন কৰিবলৈ ইতিমধ্যে ভাৰত চৰকাৰেও চিন্তা চৰ্চা কৰিছে। স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজ্যসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে।