ইণ্ডোনেছিয়াই দীৰ্ঘম্যাদীভাৱে থকাৰ বাবে বিশ্বৰ ধনী ব্যক্তিসকলক আকৰ্ষণ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মঙলবাৰে জাৰি কৰা এক নতুন নিয়ম অনুসৰি দেশখনে বেংক একাউণ্টত কমেও ২ বিলিয়ন টকা (১ লাখ ৩০ হাজাৰ ডলাৰ) থকাসকলক পাঁচ বছৰ আৰু ১০ বছৰৰ বাবে “ছেকেণ্ড হোম” ভিছা প্ৰদান কৰিব। বৰদিনৰ পৰা এই নতুন নিয়ম জাৰি কৰা হ’ব ৷
দেশখনৰ ইমিগ্ৰেচনৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান উইডোডো একাটজাহজানাই কয় যে ইণ্ডোনেছিয়াৰ অৰ্থনীতিত ইতিবাচক অৱদান আগবঢ়াবলৈ কিছুমান বিশেষ বিদেশী নাগৰিকৰ বাবে এয়া এক অবিত্তীয় পদক্ষেপ ৷ ইণ্ডোনেছিয়াই কোষ্টা ৰিকাৰ পৰা মেক্সিকোলৈকে বিভিন্ন দেশৰ ধনী লোকসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে ৷
ইণ্ডোনেছিয়াই ২০২১ চনত ডিজিটেল ন’মেড ভিছা প্ৰদানৰ পৰিকল্পনা কৰিছিল ৷ বিশেষকৈ পর্যটনৰ অন্যতম আকর্ষণ বালিলৈ পর্যটকসকলক আকৰ্ষণ কৰাত গুৰুত্ব আৰোপ কৰি আহিছে ৷
গাৰুডাৰ দৰে বিমান সংস্থাই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ লগে লগে ইণ্ডোনেছিয়ালৈ পৰ্যটকৰ আগমনৰ বৃদ্ধি পাইছে ৷ নৱেম্বৰ মাহত বালিত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ বাবে দ্বীপ ৰাষ্ট্ৰখনে আন্তঃৰাষ্ট্ৰীয় চৰ্চা লাভ কৰাৰ লগতে লাখ লাখ প্ৰতিনিধিৰ আগমন ঘটিব বুলি আশা কৰা হৈছে।