ৰাজ্যত সক্ৰিয় হৈ পৰিছে এটা মানৱ সৰবৰাহকাৰী চক্ৰ ৷ দীর্ঘদিন ধৰি মানৱ সৰবৰাহ কৰি অহা এই বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে নেচনেল ইনভেষ্টিগেচন এজেঞ্চী চমুকৈ ‘নিয়া’ই ৷ শুকুৰবাৰে উৎখাত কৰা এই মানৱ সৰবৰাহকাৰী চক্ৰটোৱে ৰাজ্যৰ লগতে পশ্চিম বংগ, মেঘালয় আৰু দেশৰ অন্যান্য প্ৰান্তৰ সীমান্ত অঞ্চলত মানৱ সৰবৰাহ কৰি আহিছিল ৷ অসমৰ উপৰি মেঘালয় আৰু কৰ্ণাটকৰ একাধিক স্থানত তদন্তকাৰী সংস্থাটোৱে তালাচী চলায় ৷ ‘নিয়া’ৰ অভিযানত গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ ভিতৰৰ কে কে আহমেদ চৌধুৰী ওৰফে আচিকুল আহমেদ হৈছে এই চক্ৰটোৰ মাষ্টাৰমাইণ্ড ৷ তেওঁ বাংগালোৰৰ পৰাই দেশৰ ভিন্ন প্ৰান্তত মানৱ সৰবৰাহ চলাই আহিছে ৷ কাছাৰৰ বাসিন্দা আচিকুলে বাংগালুৰুত বাস কৰি চলাই আহিছিল এই অবৈধ ব্যৱসায় ৷ ইয়াৰ সৈতে জড়িত থকা চাহালাম লস্কৰ ওৰফে আলম লস্কৰ, ৱাটিৰ আলী লস্কৰ ওৰফে অয়ালিৰ আলী লস্কৰ, আহিয়া আহমেদ চৌধুৰী,বাপন আহমেদ চৌধুৰী , জামালুদ্দিন আহমেদ চৌধুৰী আৰু ৱানবিয়াং চুটিঙক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰে চুটিং হৈছে মেঘালয়ৰ বাসিন্দা ৷ আন আটাইকেউজন ধৃত লোক কাছাৰৰ বাসিন্দা ৷ তালাচীৰ সময়ত বৃহৎ সংখ্যক আপত্তিজনক নথিপত্ৰ, সামগ্ৰী আৰু ডিজিটেল সঁজুলি জব্দ কৰিছে ‘নিয়া’ই ৷ ‘নিয়া’ই আইপিচিৰ ধাৰা ৩৭০ আৰু ৩৭০(এ) ধাৰাত আৰচি-০৫/২০২১/এনআইএ-জিইউডব্লিউ হিচাপে গোচৰ পঞ্জীয়ন কৰিছে ৷ তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি এই চক্ৰটোৱে ভাৰতীয় পৰিচয়পত্ৰ প্ৰদান কৰি ভাৰতীয় ভূখণ্ডত ৰহিংগীয়া মুছলমানসকলক সংস্থাপিত কৰি আহিছিল ৷