প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে অজ্ঞাত লোকে ৷ নেচনেল ইনভেষ্টিগেচন এজেঞ্চী চমুকৈ নিয়াৰ মুম্বাই শাখালৈ ই-মেইল যোগে প্ৰদান কৰিছে এই ভাবুকি ৷ ই-মেইল লাভ কৰাৰ পাছতে তদন্ত আৰম্ভ কৰিছে নিয়াই ৷ তদুপৰি আন আন সংস্থাসমুহকো ইতিমধ্যে সক্ৰিয় কৰি দিয়া হৈছে ৷
ই-মেইল প্ৰেৰণ কৰা ব্যক্তিজনে উল্লেখ কৰা অনুসৰি তেওঁ এই তথ্য প্ৰদান কৰাৰ পাছতে আত্মহত্যা কৰিব বুলি উল্লেখ কৰিছে ৷ যাতে প্ৰধানমন্ত্ৰীক হত্যাৰ এই ষড়যন্ত্ৰ পোহৰলৈ নাহে ৷