কালি নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰে প্লাবিত হৈ আছে দেশৰ অন্যতম চহৰ বেংগালুৰুৰ বহুতো অঞ্চল ৷ বিশেষকৈ চহৰখনৰ প্ৰযুক্তি উদ্যানসমূহৰ চৌদিশ পানীৰে প্লাবিত হৈ থকাৰ বাবে অচল হৈ পৰিছে বেংগালুৰুবাসীৰ জীৱন যাত্ৰা । জানিব পৰা মতে চহৰখনৰ বেলান্দুৰ, চাৰ্জাপুৰা ৰোড, হোৱাইটফিল্ড, আউটাৰ ৰিং ৰোড আৰু বিইএমএল লেআউটৰ দৰে বহু অঞ্চল বৰ্তমানো বানপানীৰ কবলত।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি চহৰখনৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ আগজাননী দি সতৰ্কীবাণী জাৰি কৰাৰ লগতে আজি চহৰখনৰ বিদ্যালয়,মহাবিদ্যালয়সমূহ বন্ধ থাকিব বুলি ঘোষণা কৰিছিল ।
উল্লেখনীয় যে বানপানীৰ ফলত প্ৰধানকৈ চহৰখনৰ আউটাৰ ৰিং ৰোডৰ যান-বাহন সমূহৰ ওপৰত ভালেখিনি প্ৰভাৱ পৰিছিল ৷ কাৰণ ই চহৰখনক ইয়াৰ উপকণ্ঠ অঞ্চলত অৱস্থিত প্ৰযুক্তি উদ্যানসমূহৰ সৈতে সংযোগ কৰিছে। চহৰখনৰ নলা-নৰ্দ্দমা সমূহ নেৰেনেপেৰা বৰষুণৰ বাবে পানীৰে ওপচ হৈ যোৱাৰ ফলত বহু অঞ্চলত ঘৰৰ ভিতৰতো পানী সোমোৱা পৰিলক্ষিত হৈছে যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে সৰ্বসাধাৰণ ৰাইজৰ ৷আনহাতে নিজৰ কৰ্মস্থলীলৈ যোৱাৰ সময়ত যথেষ্ট সমস্যাৰ সন্মূখীন হয় কৰ্মাচাৰী সকল ৷
এই সন্দৰ্ভত সামাজিক মাধ্যম টুইটাৰতো বহুজনে বানপানীৰে প্লাবিত হৈ থকা চহৰখনৰ ফট’,ভিডিঅ’ আদি আপলোড কৰাৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলেও এই দৃশ্য দেখি সহানুভূতি প্ৰকাশ কৰিছে ৷ চহৰখনৰ জনসাধাৰণক এই পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছে দেশৰ সৰ্বসাধাৰণ ৰাইজে ৷
The joke called Silicon Valley of the east. This is RMZ Ecospace.
Can BBMP or any elected representative promise that this won’t happen next year no matter what?
@ChristinMP_TOI @ArvindLBJP @BBMPCOMM @BBMPSWMSplComm pic.twitter.com/SS6jw3btOK
— Samit Singh (@kumarsamit) August 30, 2022
With every passing hour, water level in Rainbow Drive is increasing 😢😢 pic.twitter.com/9tX1jMF2Dt
— KP Singh (@kpsingh1966) August 29, 2022