শিক্ষা গ্ৰহণ কৰাৰ পাছত সকলোৱে বিচাৰে এটা ভাল সংস্থাপন ৷ সুস্থিৰ কেৰিয়াৰ গঢ়াৰ লগতে এটা ভাল দৰমহা সকলোৰে কাম্য ৷ কিন্তু আপুনি কিমান টকাৰ দৰমহাৰ চাকৰি আশা কৰে ৷ হয়তো মাহিলী এক লাখ, দুই লাখ টকা হ’ব পাৰে আপুনি আশা কৰা দৰমহাৰ পৰিমাণ ৷ কিন্তু পাটনাৰ এগৰাকী শিক্ষার্থীয়ে লাভ কৰা দৰমহাৰ কথা শুনিলে আপোনাৰ চকু কপাঁলত উঠিব ৷ পাটনাত থকা এন আই টিৰ শিক্ষার্থী অদিতি তিৱাৰীক প্ৰদান কৰা বছৰি দৰমহাৰ পৰিমান হৈছে ১.৬ কোটি টকা ৷ সৰ্বকালৰ সর্বোচ্চ দৰমহা লাভ কৰা অদিতি হৈছে ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেশ্বন বিভাগৰ অন্তিম বৰ্ষৰ শিক্ষাৰ্থী ৷ অদিতিৰ পিতৃ টাটা ষ্টীলৰ কৰ্মচাৰী আৰু মাতৃ চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৷
এন আই টি পাটনাত এইবাৰ সর্বাধিক নিযুক্তি হৈছে ৷ সামগ্ৰিক ভাৱে শিক্ষা প্ৰতিষ্ঠানখনৰ নিযুক্তিৰ হাৰ হৈছে ১১০ শতাংশ ৷ ইয়াৰ পুর্বে এন আই টি পাটনাৰ এজন শিক্ষাৰ্থীয়ে লাভ কৰা সৰ্বাধিক দৰমহা আছিল ৫০-৬০ লাখ টকা। ক’ভিড মহামাৰীৰ বাবে যোৱা দুবছৰ স্নাতক শিক্ষাৰ্থীসকল যথেষ্ট চিন্তাত পৰিছিল ৷ কিয়নো শিক্ষানুষ্ঠানখনৰ চৌহদত হোৱা নিযুক্তিৰ সাক্ষাৎকাৰক লৈ অনিশ্চয়তাৰ সৃষ্টি হয় ৷ ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে শিক্ষানুষ্ঠানখনলৈ ওভতি আহিছে স্বাভাৱিক পৰিস্থিতি ৷