ৰাজহুৱা খণ্ডৰ দু্য়োটা বেংক ব্যক্তিগতকৰণ কৰিবলৈ চৰকাৰে কোনোধৰণৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ ২০২১- ২০২২ বাজেটত বেংক দুটা ব্যক্তিগতকৰন কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল ৷ কিন্তু এই সন্দর্ভত কেবিনেটে এতিয়ালৈ কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাৰ কথা ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰিছে দেশৰ বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে ৷ লিখিত উত্তৰত বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে ২০২১-২০২২ বিত্তীয় বর্ষৰ বাজেটত কেন্দ্ৰই ৰাজহুৱা খণ্ডৰ দুয়োটা বেংক ব্যক্তিগতকৰণ কৰাৰ ইচ্ছা অৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত নির্বিয়োজনৰ বাবে কেন্দ্ৰই লোৱা নীতিৰ অনুমোদনৰ কথা ঘোষণা কৰিছিল ৷
মন্ত্ৰীগৰাকীয়ে কয় যে এই নীতিৰ উদ্দেশ্য আছিল ব্যক্তিগত বিনিয়োগ আৰু প্ৰযুক্তিৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ বিকাশ ৷ তেওঁ কয় ‘ নির্বিয়োজন সম্পর্কীয় বিভিন্ন বিষয়ত সিদ্ধান্ত লোৱাৰ দায়িত্ব কেবিনেট কমিটীক প্ৰদান কৰা হৈছে ৷ এই ক্ষেত্ৰত কেবিনেট কমিটী অথবা কেবিনেটে কোনো সিদ্ধান্ত এতিয়ালৈ গ্ৰহণ কৰা নাই ৷‘ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ বাবে বিধেয়ক চলিত সংসদৰ অধিৱেশনত তালিকাভুক্ত হৈ আছে ৷