VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মই মন্ত্ৰী হৈ থকালৈকে জলসম্পদ বিভাগত কোনেও দুই নম্বৰী কৰিব নোৱাৰে: মন্ত্ৰী পীযুষ হাজৰীকা

কামৰ মানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ বিভাগীয় অভিযন্তা, ঠিকাদাৰক নিৰ্দেশ মন্ত্ৰীগৰাকীৰ

voicedesk by voicedesk
January 27, 2022
in মুখ্য সংবাদ
মই মন্ত্ৰী হৈ থকালৈকে জলসম্পদ বিভাগত কোনেও দুই নম্বৰী কৰিব নোৱাৰে: মন্ত্ৰী পীযুষ হাজৰীকা
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি ধেমাজি আৰু লখিমপুৰ জিলাৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কেইবাটাও কামৰ অগ্ৰগতিৰ প্ৰত্যক্ষভাৱে বুজ লয় | মন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগতে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু আৰু বিভাগীয় বিষয়াসকলৰ সৈতে ধেমাজি জিলাৰ জোনাই সমষ্টিৰ ঐৰামঘাট অঞ্চলত উপস্থিত হৈ অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে চলি থকা সুৰক্ষা কাৰ্য আৰু পাৰ্কুপাইন বান্ধ পৰিদৰ্শন কৰি কাম ক্ষীপ্ৰ গতিত আৰু ভালদৰে কৰিবৰ বাবে বিভাগীয় বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে |

এই কাম সম্পূৰ্ণ হোৱাৰ পাছত অঞ্চলটো বান আৰু খহনীয়াৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে | ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে বেৰাচাপৰি অঞ্চলত উপস্থিত হৈ SOPD-G ৰ অধীনত প্ৰায় ৭ কোটি টকা ব্যয়েৰে নিৰ্মীয়মান মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লৈ সোনকালে এই কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় নিৰ্দেশনা প্ৰদান কৰে | আনহাতে জোনাই সমষ্টিৰ অন্তৰ্গত গাই নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই নদীখনৰ কাষৰীয়া অঞ্চলক বানপানীৰ পৰা স্থায়ী সুৰক্ষা দিবৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মিত মথাউৰিৰ কামৰ মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে |

আজিৰ পৰিদৰ্শনকালত সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ধেমাজি জিলাত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে চৰকাৰে এই বৰ্ষত প্ৰায় ১৫০ কোটি টকাৰ প্ৰকল্প হাতত লৈছে আৰু এই কামসমূহ অতি সোনকালে সম্পূৰ্ণ কৰিব পৰা হ’ব বুলি তেঁও আশাবাদী | আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি মানি, তেঁও মন্ত্ৰী হৈ থকাপৰ্যন্ত জলসম্পদ বিভাগত কোনো ধৰণৰ দুৰ্নীতি হ’বলৈ নিদিয়ে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | বিভাগীয় কামৰ ক্ষেত্ৰত মন্ত্ৰীয়ে নিজেও নীতি বহিৰ্ভূত হস্তক্ষেপ নকৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগীয় কামৰ এক নিৰ্দিষ্ট নিয়ম থাকে আৰু সেই নিয়ম অনুসৰিয়েই কামবোৰ কৰা হৈ আছে |

পাছবেলালৈ মন্ত্ৰী গৰাকীয়ে সাংসদ প্ৰদান বৰুৱা আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ সৈতে জহিং অঞ্চল ভ্ৰমণ কৰি মথাউৰি নিৰ্মাণৰ কামৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ ত্ৰিবেণী সংগম পৰিদৰ্শন কৰে | জহিং নদীৰ প্ৰায় এক কিল’মিটাৰ দৈৰ্ঘত মথাউৰি নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ কৰি বাৰিষাৰ আগে আগে শেষ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে |

Previous Post

অমানিশাৰ পোহৰ (গীতা দত্ত বৰঠাকুৰ)

Next Post

স্পষ্টীকৰণ: একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে প্ৰশাসনে ৰখাব পাৰিব

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
স্পষ্টীকৰণ: একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে প্ৰশাসনে ৰখাব পাৰিব

স্পষ্টীকৰণ: একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে প্ৰশাসনে ৰখাব পাৰিব

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7