দিল্লীত শ্ৰদ্ধা ৱাকাৰ নামৰ যুৱতী গৰাকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দর্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ শ্ৰদ্ধাৰ মৃতদেহৰ ৩৫ টুকুৰা কৰি কাটি পেলাই দিয়া প্ৰেমিক আফতাব আমিন পুনাৱালাৰ সম্পন্ন কৰা হৈছে পলিগ্ৰাফ পৰীক্ষ ৷ এই পৰীক্ষাৰ সময়তে সময়ত শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্তই কেতবোৰ আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰিছে ৷
এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি পলিগ্ৰাফ টেষ্টৰ সময়তে আফতাবে কয় যে শ্ৰদ্ধাৰ হত্যাৰ বাবে ফাঁচী দিলেও তেওঁৰ দুখ নাথাকিব কিয়নো তেওঁক তেওঁ স্বৰ্গত প্ৰৱেশ কৰাৰ সময়ত তেওঁক নায়ক হিচাপে স্মৰণ কৰা হ’ব আৰু ‘জন্নত’ত তেওঁক ‘হুৰ’ আগবঢ়োৱা হ’ব। আফতাবে শ্ৰদ্ধাৰ সৈতে সম্পৰ্ক অব্যাহত থকাৰ সময়ত ২০ গৰাকীৰো অধিক হিন্দু ছোৱালীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও স্বীকাৰ কৰে।
আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আফতাবে এই সন্দৰ্ভত সোধা-পোছাৰ পিছতে এনেদৰে প্ৰকাশ কৰিছে। আফতাবে বাম্বল এপ ব্যৱহাৰ কৰি হিন্দু মহিলাক টাৰ্গেট কৰি ফান্দত পেলাবলৈ চেষ্টা কৰিছিল। শ্ৰদ্ধাক হত্যা কৰাৰ পিছত আফতাবেও নিজৰ এপাৰ্টমেণ্টলৈ এজন মনোবিজ্ঞানীক নিমন্ত্ৰণ কৰিছিল।তেওঁ হিন্দু নাৰী ৷ আফতাবে স্বীকাৰ কৰিছে যে তেওঁ শ্ৰদ্ধাৰ এটা আঙঠিমনোবৈজ্ঞানিকজনক উপহাৰ দিছিল ৷ মনোবিজ্ঞানী গৰাকীক অকর্ষিত কৰিবলৈ শ্ৰদ্ধাৰ আঙঠিটো উপহাৰ হিচাপে প্ৰদান কৰিছিল ৷ আন কেইবাগৰাকীও হিন্দু ছোৱালীৰ সৈতেও আফতাবে মত বিনিময় কৰিছিল।
তেওঁ কয় যে শ্ৰদ্ধাক হত্যা কৰি শৰীৰটো টুকুৰা টুকুৰা কৰি তেওঁৰ কোনো বেয়া অনুভৱ হোৱা নাছিল আৰক্ষীক আফতাবে জনাইছিল যে শ্ৰদ্ধাক মুম্বাইতে টুকুৰা টুকুৰ কৰি হত্যা কৰিবলৈ আফতাবে পৰিকল্পনা কৰিছিল ৷
আৰক্ষী বিষয়াগৰাকীৰ মতে, পলিগ্ৰাফ পৰীক্ষাৰ সময়ত আফতাবে আচৰিত সত্য স্বীকাৰ কৰে। আৰক্ষীয়ে নাৰ্কো পৰীক্ষাৰ পিছত এই তথ্যসমূহ প্ৰতিষ্ঠা কৰিব বিচাৰে। পলিগ্ৰাফৰ সময়ত আফতাবে দিয়া তথ্য তদন্তৰ বাবে অতি সহায়কহোৱাৰ সম্ভাৱনা আছে । পৰীক্ষাৰ অন্তত তেওঁৰ বাসগৃহত উদ্ধাৰ হয় পাঁচখন চোকা অস্ত্ৰ । ইয়াৰ উপৰিও অতি সোনকালে আৰু প্ৰমাণ লাভ ককৰিব বুলি আশা কৰা হৈছে ৷
দিল্লীৰ আদালতে আৰক্ষীক পাঁচ দিনৰ ভিতৰত নাৰ্কো-এনালাইছিছ টেষ্ট সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দি কোনো তৃতীয় ডিগ্ৰীৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে। পলিগ্ৰাফ পৰীক্ষাৰ পিছত নাৰ্কো টেষ্ট কৰা হ’ব। উল্লেখযোগ্য যে আফতাবে নাৰ্কো টেষ্টৰ বাবে সন্মতি দিছে। আৰক্ষীৰ জেৰাৰ সময়ত আফতাবে পৰস্পৰ বিৰোধী বক্তব্য দিয়াৰ ফলত দিল্লী আৰক্ষীয়ে নাৰ্কো টেষ্ট কৰিবলৈ বাধ্য হয়। দিল্লী আৰক্ষীয়ে আদালতৰ কাষ চাপি নাৰ্কো টেষ্ট কৰাৰ অনুমতি বিচাৰিছিল।