দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰাৰ সময়তে পথ নথকাৰ বাবেই হাস্পতাললৈ নিব নোৱাৰাত মাতৃৰ সন্মুখতে যমজ সন্তানৰ মৃত্যু হোৱা হৃদয়বিদাৰক ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। পালঘৰ জিলাৰ মোখাদা তহচিলৰ বাসিন্দা বন্দনা বুধৰে নির্ধাৰিত সময়ৰ পূর্বে গৰ্ভাৱস্থাৰ ৭ মাহৰ ভিতৰতে নিজ গৃহতে যমজ সন্তান জন্ম দিয়ে। প্ৰসৱৰ পিছত প্ৰচণ্ড ৰক্তক্ষৰণ হোৱাৰ বাবে পৰিয়ালৰ সদস্যসকলে মহিলাগৰাকীক এডাল বাহঁত এখন কাপোৰ বান্ধি প্ৰায় ৩ কিলোমিটাৰ দুর্গম পথেৰে কঢ়িয়াই লৈ যায় ৷ আনহাতে অপৈণত অৱস্থাত জন্ম হোৱা যমজ সন্তান দুটা দুৰ্বল হৈ পৰাত উপযুক্ত চিকিৎসাৰ অভাৱত মাতৃৰ সন্মুখতে মৃত্যু হয়। প্ৰচণ্ড ৰক্তক্ষৰণৰ বাবে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটাৰ লগে লগে পৰিয়ালৰ সদস্যসকলে ৰছী, বেডশ্বীট আৰু কাঠ ব্যৱহাৰ কৰি এখন অস্থায়ী ষ্ট্ৰেচাৰ প্ৰস্তুত কৰি তাৎক্ষণিকভাৱে হাস্পতাললৈ লৈ যোৱাৰ চেষ্টা কৰে ৷ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মাতৃগৰাকী।
মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁটৰ অংশস্বৰূপ বিজেপিৰ ৰাজ্যিক উপ-সভাপতি চিত্ৰ কিশোৰ ৱাগে এই ঘটনাক অতি বেদনাদায়ক বুলি অভিহিত কৰিছে। বিজেপি নেতা গৰাকীয়ে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ৰাস্তা-ঘাট উপলব্ধ নোহোৱাৰ বাবে এনে বহু ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী একনাথ ছিণ্ডে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছক এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে ৷
বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক পংকজ মুণ্ডেইও এই ঘটনাক “অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি কয় যে দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাৰ সময়ত দৰিদ্ৰসকলে এনে কষ্টৰ সন্মুখীন হোৱাটো দুখৰ বিষয়।