চীনত সোমবাৰে সংঘটিত হোৱা বিমান দুৰ্ঘটনাত এজনো লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ অর্থাৎ বিমানখনৰ কর্মচাৰীসহ ১৩২ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে ৷ বিমান দুর্ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত ১৮ ঘণ্টাতকৈয়ো অধিক সময় উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছিল ৷ দেশখনৰ চৰকাৰী সংবাদ মাধ্য়মে মঙলবাৰে পুৱা এই সন্দর্ভত কয়, “ঘটনাস্থলীত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছিল, কিন্তু এতিয়ালৈকে বিমানখনত থকা লোকসকলৰ কোনো লোককে বিচাৰি পোৱা হোৱা নাই ৷”
এতিয়ালৈকে দুৰ্ঘটনাটোৰ কাৰণ জানিব পৰা হোৱা নাই । উদ্ধাৰকাৰী দলে যাত্ৰীসকলৰ লগতে ব্লেক বক্সৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে ৷ চৰকাৰী সংবাদ মাধ্যমৰ মতে, দুৰ্ঘটনাস্থলীত অগ্নিদগ্ধ ৱালেট, পৰিচয় পত্ৰ আৰু বিমানখনৰ অৱশিষ্ট অংশ প্ৰত্যক্ষ কৰা হৈছিল ৷ চাইনা ইষ্টাৰ্ণ এয়াৰলাইনছৰ বোয়িং ৭৩৭ ৰ বিমানখন ওঝৌ চহৰৰ ওচৰৰ গুয়াংছি অঞ্চলত দুর্ঘটনাত পতিত হৈছিল। বিমান খন য়ুনান প্ৰদেশৰ ৰাজধানী কুনমিঙৰ পৰা গুয়াংডং প্ৰদেশৰ গুয়াংঝৌলৈ গৈ আছিল। বিমানখনত ১২৩ জন যাত্ৰী আৰু নজন কৰ্মচাৰী আছিল। ফ্লাইটৰাডাৰ২৪ ৰ মতে বিমানখন প্ৰতি মিনিটত ২৯,০০০ ফুট হাৰত নামি অহাৰ সময়তে বিমানখন দুর্ঘটনাগ্ৰস্ত হয় ৷ পাহাৰীয়া অঞ্চলৰ বনজুইৰ বাবে বিমানখন দুর্ঘটনাত পতিত হোৱা বুলি আশংকা কৰা হৈছে ৷