ঘোষণা কৰা হ’ল চলিত বর্ষৰ শান্তিৰ নোবেল বটাঁ বিজয়ীৰ নাম ৷ বেলাৰুছৰ মানৱ অধিকাৰ কর্মী এলেছ বিয়ালিয়াটস্কি আৰু দুই সংগঠনক প্ৰদান কৰা হ’ব শান্তিৰ নোবেল বটাঁ ৷ এলেছ বিয়ালিয়াটস্কিৰ উপৰি ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফ’ৰ চিভিল লিবার্টিছক শান্তিৰ নোবেল বটাঁ প্ৰদান কৰা হ’ব ৷ মানৱতাবাদী মূল্যবোধ, সামৰিকতাবাদৰ বিৰোধিতা আৰু আইনৰ নীতিৰ সপক্ষে কৰি অহা কামৰ বাবে তেওঁলোকক এই বটাঁ প্ৰদান কৰা হ’ব ৷
ইউক্ৰেইনত মানৱ অধিকাৰ আৰু গণতন্ত্ৰক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছ প্ৰতিষ্ঠা কৰা হৈছিল। ইউক্ৰেইনৰ নাগৰিক সমাজক শক্তিশালী কৰাৰ লগতে ইউক্ৰেইনক পূৰ্ণাংগ গণতন্ত্ৰ হিচাপে গঢ়ি তুলিবলৈ কৰ্তৃপক্ষক হেঁচা দিয়াৰ বাবে সংগঠনটোৱে এটা শক্তিশালী স্থিতি গ্ৰহণ কৰি আহিছে ৷
২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত সংস্থাটোৱে ইউক্ৰেইনৰ জনসাধাৰণৰ বিৰুদ্ধে ৰাছিয়াৰ সেনাই কৰা যুদ্ধ অপৰাধসমূহ চিনাক্ত কৰি নথিভুক্ত কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈ আহিছে ৷ দোষী পক্ষক তেওঁলোকৰ অপৰাধৰ বাবে জবাবদিহি কৰাৰ ক্ষেত্ৰত সংস্থাটোৱে অগ্ৰণী ভূমিকা পালন কৰি আছে।
২০২২ চনৰ নোবেল বঁটা বিজয়ী তথা মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল ১৯৮৭ চনত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মানৱ অধিকাৰ কৰ্মীসকলে প্ৰতিষ্ঠা কৰিছিল ৷ যিসকলে কমিউনিষ্ট শাসনৰ অত্যাচাৰৰ বলি হোৱা লোকসকলক যাতে কেতিয়াও পাহৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল।