মত প্ৰকাশৰ স্বাধীনতা ৰক্ষাৰ বাবে নিৰবিচিন্ন সংগ্ৰাম চলাই অহা দুগৰাকী সাংবাদিক মাৰিয়া ৰেছা আৰু ডিমিট্ৰি আন্দ্ৰেয়েভিক মুৰাতভলৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ শান্তিৰ নোবেল পুৰষ্কাৰ ৷ নোবেলপ্ৰাপ্ত ৰেছা ফিলিপাইনছৰ ৰেপ্লাৰ নামৰ সংবাদ প্ৰতিস্থানৰ কার্যবাহী বিষয়া হিচাপে কর্মৰত ৷ আনহাতে, মুৰাতভ হৈছে ৰুছ বাতৰিকাকত নোভায়া গেজেটাৰ মুখ্য সাংবাদিক৷
সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণতন্ত্ৰ ধংস কৰাৰ বাবে চেষ্টা চলাই অহা সময়তে দুয়ো গৰাকী সংবাদিকে শান্তিৰ নোবেল বঁটা লাভ কৰা কার্যই স্বাভাবিকতেই আশাৰ বতাৰা কঢ়িয়াই আনিছে ৷ নোবেল শান্তি বটা কমিটীৰ অধ্যক্ষ বেৰিট ৰিজ এণ্ডাৰছনে কয় -এই দুয়োগৰাকী সংবাদিকে নিজ নিজ দেশত সংঘটিত দর্নীতি,অপশাসন,কু-কর্মৰ বিৰুদ্ধে মাত মাতি আহিছে ৷ অনুসন্ধানমুলক বাতৰিৰ বাবে ৰেছাই ২০১২ চনত এই সংবাদ প্ৰতিস্থান প্ৰতিস্থা কৰিছিল ৷ আনহাতে, ডিমিট্ৰি মাৰাতোভে প্ৰতিস্থা কৰিছিল নোভায়া গেজেটা নামৰ সংবাদপত্ৰ ৷ নোবেল কমিটীৰ মতে এই সংবাদপত্ৰখনেই বর্তমান ৰাছিয়াৰ সর্বাধিক নিৰপেক্ষ সংবাদপত্ৰ ৷