অসমৰ দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলে দীৰ্ঘবছৰজুৰি আন্ধাৰ সময় কটাইছে। আনহে নালাগে বহুজন কৰ্মচাৰীৰ আত্মহত্যাৰ ঘটনাও পোহৰলৈ আহিছিল। কাগজ কল দুটাৰ ১৪০০ কৰ্মচাৰীৰ অনুনয়-বিননিক আওকান কৰি শেহতীয়াকৈ ইয়াক নিলামৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
কিছুদিন আগতে চৰকাৰ আৰু কৰ্মচাৰীসকলৰ মাজত বাসগৃহ খালী কৰা সন্দৰ্ভত কিছু মতানৈক্যৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত প্ৰেৰণ কৰা জাননীত উল্লেখ কৰা হৈছিল যে কৰ্মচাৰীসকলে আবাসগৃহৰ লগতে অন্যান্য সা-সুবিধাসমূহো পৰিত্যাগ কৰিব লাগিব। অন্যথাই তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
কাগজকলৰ কৰ্মচাৰীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত হোৱা বিভিন্ন সিদ্ধান্তৰ পিছত নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। এইচ পি চি আৰু জে এ চি আৰ ইউ ৰ লগত মুখ্যমন্ত্ৰীৰ ৪ ঘণ্টা জোৰা বৈঠকৰ পাছত এই সিদ্ধান্তবোৰ লোৱা হয়।
দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰে ৫৭০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰিছে। এই সাহায্য পেকেজৰ পৰাই অহা দুমাহৰ ভিতৰত সকলো কৰ্মচাৰীকে প্ৰাপ্য ধনৰাশি আদায় দিয়া হ’ব। ইয়াৰ লগতে এইচ পি চিৰ ১০০ যুৱ কৰ্মচাৰীক যোগ্যতা অনুসৰি চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে এইচ পি চিৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক-নাৰ্ছক এন এইচ এমৰ অধীনত ঠিকাভিত্তিক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয়।
৫৮ বছৰীয়া আৰু তাতকৈ ওপৰৰ সকলো কৰ্মচাৰীকে পেঞ্চন প্ৰদানৰ কথাও ঘোষণা কৰে চৰকাৰে। বীমাৰ কিস্তি, গৃহঋণৰ ই এম আইৰ খৰচ বহন কৰিব বুলিও ঘোষণা কৰে চৰকাৰে। উল্লেখ্য যে এইচ পি চি আৰু কাগজ কলৰ কৰ্মচাৰীয়ে সকলো চৰকাৰী গৃহ খালী কৰি দিলেহে উপৰোক্ত সুবিধাসমূহ লাভ কৰিব। ঘৰ খালী কৰাৰ বাবে এমাহৰ সময়সীমা বান্ধি দিয়া হৈছে।