অহা ২৮ আগষ্টত ভাঙি পেলোৱা হ’ব নয়ডাস্থিত ছুপাৰটেক টুইন টাৱাৰ ৷ এই টুইন টাৱাৰৰ প্ৰতি বৰ্গফুট নির্মাণত ব্যয় হৈছিল ৯৩৩ টকা ৷ অর্থাৎ ৭.৫ লাখ বৰ্গফুট এলেকাত থকা টুইন টাৱাৰটোৰ সৰ্বমুঠ নির্মাণ ব্যয় হৈছে ৭০ কোটি টকা। আনহাতে ইয়াক ভাঙি পেলোৱা কার্যও যথেষ্ট ব্যয়বহুল হ’ব বু;লি প্ৰকাশ কৰা হৈছে ৷ টুইন টাৱাৰৰ ভিতৰত থকা দুটা অট্টালিকাৰ এটাৰ উচ্চতা ১০৩ মিটাৰ, আন এটাৰ উচ্চতা প্ৰায় ৯৭ মিটাৰ। নয়ডাৰ ছেক্টৰ ৯৩-এত অৱস্থিত টুইন টাৱাৰটো ভাঙি পেলোৱাৰ বাবদ প্ৰতি বৰ্গফুটত প্ৰায় ২৬৭ টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে।অর্থাৎ টুইন টাৱাৰটো ভাঙি পেলোৱাৰ বাবদ ব্যয় হ’ব প্ৰায় ২০ কোটি টকা ৷
ভাঙি পেলোৱাৰ বাবদ হ’বলগীয়া মুঠ ব্যয়ৰ ভিতৰত ছুপাৰটেকে প্ৰায় ৫ কোটি টকা আদায় দিব ৷ বাকী প্ৰায় ১৫ কোটি টকা টুইন টাৱাৰৰ ধ্বংসাৱশেষ বিক্ৰী কৰি সংগ্ৰহ কৰা হ’ব ৷ ৪ হাজাৰ টন তীখাকে ধৰি প্ৰায় ৫৫ হাজাৰ টন ধ্বংসাৱশেষ বিক্ৰী কৰা হ’ব ৷ ইয়াৰ উপৰিও অট্টালিকাটো ভাঙি পেলোৱাৰ দায়িত্বত থকা কোম্পানী এডিফিচ ইঞ্জিনিয়াৰিঙে ওচৰ-চুবুৰীয়া অঞ্চলৰ যিকোনো ক্ষতি হ’লে ১০০ কোটি টকাৰ বীমা কভাৰো নিশ্চিত কৰিছে।
টুইন টাৱাৰটো ভাঙি পেলোৱাৰ বাবে পালৱাল (হাৰিয়ানা)ৰ পৰা অনা প্ৰায় ৩৭০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰা হ’ব। ডাইনামাইট, ইমালচন আৰু প্লাষ্টিক বিস্ফোৰক মিশ্ৰণ ব্যৱহাৰ কৰা হ’ব ।জলপ্ৰপাত বিস্ফোৰণ পদ্ধতিৰে টাৱাৰটো তললৈ নমাই অনা হ’ব ৷ টুইন টাৱাৰটোৰ ধ্বংসাৱশেষবোৰ পৰিষ্কাৰ কৰিবলৈ প্ৰায় তিনিমাহ সময়ৰ প্ৰয়োজন হ’ব ৷
২৮ আগষ্টৰ বিয়লি ২.৩০ বজাত ভাৰতীয় ব্লাষ্টাৰ চেতন দত্তই বুটাম টিপি বিস্ফোৰণৰ ঘটাব ৷ টুইণ টাৱাৰটো ভাঙিবলৈ প্ৰায় ৯ ছেকেণ্ড সময় লাগিব।বিল্ডিং দুটাত প্ৰায় ৯১৫ টা ফ্লেট আছিল, যাৰ ফলত কোম্পানীটোৱে প্ৰায় ১২০০ কোটি টকা উপাৰ্জন কৰিলেহেঁতেন।
মুঠ ৯১৫টা ফ্লেটৰ ভিতৰত প্ৰায় ৬৩৩টা ফ্লেট বুকিং কৰা হৈছিল আৰু কোম্পানীয়ে ঘৰ ক্ৰেতাৰ পৰা প্ৰায় ১৮০ কোটি টকা সংগ্ৰহ কৰিছিল। এতিয়া ছুপাৰটেকে ১২ শতাংশ সুত দি ঘৰ ক্ৰেতাসকলৰ ধন ঘূৰাই দিবলৈ কোৱা হৈছে। টুইন টাৱাৰটো ভাঙি পেলোৱাৰ বাবে সকলো সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা ২৮ আগষ্টৰ পুৱা ৭ বজাৰ আগতে বা পুৱা ৭ বজাৰ ভিতৰত ওচৰৰ বাসিন্দাসকলক আন স্থানলৈ লৈ যোৱা হ’ব।
উচ্চতম ন্যায়ালয়ে ২০২১ চনৰ আগষ্ট মাহত এই অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত নূন্যতম দূৰত্বৰ প্ৰয়োজনীয়তা উলংঘা কৰাৰ বাবে ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ৰ মতে, ইউ পি এপাৰ্টমেণ্ট আইন অনুসৰি ব্যক্তিগত ফ্লেট মালিকৰ সন্মতি নোলোৱাকৈ অবৈধভাৱে নিৰ্মাণ কৰা হৈছে অট্টালিকাসমূহ।