নয়দাত অবৈধভাৱে নির্মাণ কৰা দুটা বিশাল অট্টালিকাক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়লয়ৰ নির্দেশৰ পাছতে ৪০ মহলীয়া এই দ্বৈত টাৱাৰটো ধ্বংস কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে সংশ্লিষ্ট প্ৰশাসনে ৷ অহা ২২ মে’ৰ ভিতৰত ধ্বংস কৰা হ’ব এই টাৱাৰটো ৷ নয়দাৰ কতৃপক্ষই উচ্চতম ন্যায়ালয়ক সদৰী কৰিছে এই কথা ৷ কেইবাটাও কাৰণত এই বিশাল অট্টালিকা দুটা ধ্বংস কৰিবলৈ নির্দেশ দিছিল ৷ যোৱা ৭ ফেব্ৰুৱাৰীত, উচ্চতম ন্যায়ালয়ে ৰিয়েল-ইষ্টেট মেজৰ চুপাৰটেক লিমিটেডে নয়দাত ইয়াৰ এমাৰ্ল্ড ক’ৰ্ট প্ৰকল্পত নিয়ম উলংঘা কৰি নিৰ্মাণ কৰা দুটা টাৱাৰ ধ্বংস দুসপ্তাহৰ ভিতৰত আৰম্ভ কৰিবলৈ নির্দেশ দিছিল ৷ তদুপৰি উচ্চতম ন্যায়ালয়ে চুপাৰটেকক ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো গৃহ ক্ৰেতাক ধন ঘূৰাই দিবলৈ নির্দেশ দিছিল ৷ ১২ শতাংশ সূতৰ সৈতে সকলো গৃহ ক্ৰেতাৰ বাবে ধন ঘূৰাই দিয়াৰ নিৰ্দেশ দিছিল প্ৰতিষ্ঠানটোক ৷ তদুপৰি নিয়ম উলংঘা কৰি ডিজাইন অনুমোদন আৰু নিৰ্মাণ পৰিকল্পনাৰ সৈতে জড়িত নয়ডাৰ বিষয়াসকলৰ বিৰুদ্ধে গোচৰ চলাবলৈয়ো নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ।
ইপিনে টাৱাৰটো ধ্বংস কৰাৰ ক্ষেত্ৰত আদালতে নয়দা কৰ্তৃপক্ষ আৰু চুপাৰটেকক কৰ্তৃপক্ষৰ শপতনামাত উল্লেখ কৰা সকলো সময়সীমা পালন কৰিবলৈ নির্দেশ দিছে । গোচৰটোৰ পৰৱৰ্তী শুনানি ১৭ মে’ত ধাৰ্য্য কৰা হৈছে ৷ সেইদিনা কৰ্তৃপক্ষই পুনৰ স্থিতি প্ৰতিবেদন ন্যায়ালয়ত দাখিল কৰিব লাগিব ৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে এই বিষয়টোৰ শুনানি গ্ৰহণ কৰে ৷