উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিং জন উন ৷ দেশবাসীক নিজৰ মতে জীৱন নির্বাহ কৰিবলৈ বাধ্য কৰোৱাৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ অজ্ঞাতে পাৰমাণৱিক শক্তিৰ পৰীক্ষালৈকে তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে নানান বিতর্ক ৷ ইয়াৰ মাজতে এইবাৰ মহাশক্তিধৰ আমেৰিকাৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে উত্তৰ কোৰিয়া ৷ আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থাক প্ৰত্যাহ্বান জনাবলৈ উঠি পৰি লাগিছে এইজন একনায়কত্ববাদী শাসক ৷ যাৰ বাবে এটাৰ পাছত আন এটা মিছাইলৰ পৰীক্ষা সম্পন্ন কৰিছে দেশখনে ৷
উত্তৰ কোৰিয়াই ইতিমধ্যে প্ৰকাশ কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ইয়াৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে “সকলো সাময়িকভাৱে স্থগিত কাৰ্যকলাপ” পুনৰ আৰম্ভ কৰিব ৷ ইয়াৰ অংশ হিচাপে উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰ আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষাৰ ওপৰত স্ব-আৰোপিত স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছিল ৷ ইয়াৰ পাছতে দেশখনৰ সামৰিক বাহিনীয়ে বৃহস্পতিবাৰে পূব উপকূলৰ সমুদ্ৰত দুটা বেলিষ্টিক মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰে ৷ এই তথ্য সদৰী কৰিছে দক্ষিণ কোৰিয়াৰ যুটীয়া চীফ অফ ষ্টাফে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি তেওঁলোকে উত্তৰ কোৰিয়াৰ পূব উপকূলৰ হামহুঙত স্থানীয় সময় অনুসৰি প্ৰায় ৮ বজাত দুটা বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰাটো চিনাক্ত কৰিছে। ইয়াৰ লগে লগে উত্তৰ কোৰিয়াই পৰীক্ষণ কৰা মিছাইলৰ সংখ্যা ৬ টালৈ বৃদ্ধি পালে ৷ চলিত মাহৰ আৰম্ভণিতে উত্তৰ কোৰিয়াই দুটা “হাইপাৰচনিক মিছাইল” পৰীক্ষা কৰিছিল ৷ উত্তৰ কোৰিয়াৰ এই প্ৰসংগ ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ মজিয়াতো উত্থাপিত হৈছে ৷