গুৱাহাটী মহানগৰ পৌৰ নিগমে শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুকৰ যোগেদি আপলোড কৰা কেইখনমান আলোকচিত্ৰই দৃষ্টি আকৰ্ষণ কৰিছে বহু জনৰ। প’ষ্টটোত মহানগৰ খনৰ নলা-নৰ্দমা,জাবৰ-জোঁথৰ পৰিষ্কাৰ কৰি সমগ্ৰ অঞ্চলটোক আবৰ্জনা মুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰা কেইজনমান লোকক দেখুওৱা হৈছে যাক তেওঁলোকে চুপাৰহিৰ’ হিচাপে অভিহিত কৰিছে।
আবৰ্জনা পৰিষ্কাৰ কৰি থকা সময়ৰ কেইবাখনো ফটো সামাজিক মাধ্যমত আপলোড কৰি তেওঁলোকে লিখিছে যে সকলো চুপাৰহিৰোৱেই যে কেপ পিন্ধে এনে নহয়। কিছুমানে মুখা পিন্ধে,কোনোৱে হাতত ঝাড়ু তুলি লয়, কোনোৱে আকৌ আৱৰ্জনা জমা কৰাৰ বেৰেল কঢ়িয়াই লৈ যায়। এওঁলোক হ’ল অখ্যাত নায়ক যিয়ে চহৰখন প্ৰতিদিনে পৰিষ্কাৰ ৰখাত সহায় কৰে।
সঁচা অৰ্থত এওঁলোকেই সমাজৰ নায়ক যাৰ অবিহনে আমাৰ চৌপাশ আবৰ্জনাৰে হয়তো ভৰি পৰিল হেঁতেন। তেওঁলোকৰ এই কৰ্মক স্বীকৃতি প্ৰদান কৰি গুৱাহাটী মহানগৰ পৌৰ নিগমে ফেচবুকত শ্বেয়াৰ কৰা এই ফটোকেইখনে সেয়েহে দৃষ্টি আকৰ্ষণ কৰিছে সামাজিক ভাবে সচেতন বহু লোকৰ। কিয়নো এই কৰ্মৰ সৈতে জড়িত লোকসকলক সমাজৰ প্ৰতিজন লোকেই সন্মান বা স্বীকৃতি দিয়াৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।