সংঘর্ষজর্জৰ মণিপুৰত দশম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰমাণ পত্ৰত কোনো নম্বৰ নাথাকিব। ছাত্ৰ-ছাত্ৰীসকলে কোন শ্ৰেণীত উত্তীৰ্ণ হৈছে তাৰ কোনো উল্লেখ নাথাকিব। মাত্ৰ এটা গ্ৰেডেহে তেওঁলোকৰ অৰ্হতা চিহ্নিত কৰিব।
বৃহস্পতিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা মণিপুৰৰ বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী বীৰেণ সিং চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক এলংবাম ছোনিয়াই এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি কয়- “আমি এই বছৰৰ পৰা গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ ওলাইছো। দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ‘স্কুল লিভিং চাৰ্টিফিকেট’ত নতুন গ্ৰেডিং ব্যৱস্থা থাকিব।“
এলংবামে কয় যে, নতুন গ্ৰেডিং ব্যৱস্থাত কোনো বিশেষ বিষয়ত নম্বৰ নাথাকিব, প্ৰমাণপত্ৰত মুঠ নম্বৰ নাথাকিব। ‘প্ৰথম’ বা ‘দ্বিতীয়’ শ্ৰেণীৰ কোনো উল্লেখ নাথাকিব। কেৱল ছাত্ৰৰ ‘পাছ’ বা ‘ফেইল’ৰ কথাহে উল্লেখ কৰা হ’ব। তেওঁ কয়, ‘৯১ৰ পৰা ১০০ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক এ-১ আৰু ৮১ৰ পৰা ৯০ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক এ-২ গ্ৰেড দিয়া হ’ব। ২১ৰ পৰা ৩০ নম্বৰৰ বাবে ই-১ দিয়া হ’ব আৰু তাতকৈ কম নম্বৰ পোৱা প্ৰাৰ্থীক প্ৰমাণ পত্ৰত ই-২ গ্ৰেড লৈ ‘ফেইল’ বুলি চিহ্নিত কৰা হ’ব।