মঙলবাৰে শ্বিলঙত মেঘালয়ৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এন পি পিৰ নেতা কনৰাড চাংমাই দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
চাংমাই তেওঁৰ মন্ত্ৰী পৰিষদৰ ১১জন সদস্যৰ সৈতে শপত গ্ৰহণ কৰে। এন পি পিৰ প্ৰেষ্টন টাইনছং আৰু স্নিয়াভালাং ধৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ বিজেপিৰ আলেকজেণ্ডাৰ লালু হেক, ইউডিপিৰ পল লিংডোহ আৰু কিৰমেন শ্বিলা, আৰু এইচএছপিডিপিৰ ছকলিয়াৰ ৱাৰজ্ৰিয়েও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। নেচনেল পিপলছ পাৰ্টিৰ আন সাতজন বিধায়কৰ ভিতৰতে ইউডিপিৰ দুজন আৰু বিজেপি আৰু এইচএছপিডিপিৰ এজনকৈ বিধায়ককো ৰাজভৱনত ৰাজ্যপাল ফাগু চৌহানে চাংমাৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ৷
কোহিমাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এনডিপিপি নেতা নেইফিউ ৰিঅ’ই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
নাগালেণ্ডৰ শপত গ্ৰহণ অনুষ্ঠানৰ পাছতে প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ ওভতি আহিব ৷ গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত মোদীয়ে অসমৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে মিলিত হ’ব ৷ নিশা কটোৱাৰ পাছত কাইলৈ প্ৰধানমন্ত্ৰীগৰাকী আগৰতলালৈ ৰাওনা হ’ব ৷ ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত মোদীয়া অংশ ল’ব ৷