নেচনেল টেষ্টিং এজেঞ্চী(এন টি এ)-য়ে আজি প্ৰথমটো ছেছনৰ যুটীয়া প্ৰৱেশ পৰীক্ষা চমুকৈ জে ই ইৰ ফলাফল ঘোষণা কৰে।জে ই ই মেইনৰ জুন ছেছনৰ পৰীক্ষাত অৱতীর্ণ হোৱা পৰীক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব। ছেছন -১ পৰীক্ষা ২৩ জুনৰ পৰা ২৯ জুনলৈকে অনুষ্ঠিত হৈছিল।
স্ক’ৰকার্ড ডাউনলোড কৰিবলৈ প্ৰাৰ্থীসকলে ফলাফলৰ লিংকত ক্লিক কৰিব লাগিব। ৰোল নম্বৰ, এপ্লিকেচন নম্বৰ, পাছৱৰ্ড, জন্ম তাৰিখৰ সহায়ত স্ক’ৰকার্ড ডাউনলোড কৰিব পাৰিব ৷
এন টি এয়ে চলিত বৰ্ষত জুন আৰু জুলাই মাহত জে ই ই মেইন ২০২২ পৰীক্ষাৰ দুটা ছেছন অনুষ্ঠিত কৰে । চূড়ান্ত মেধাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত জে ই ই মেইনত প্ৰাৰ্থীৰ শ্ৰেষ্ঠ নম্বৰ বিবেচনা কৰা হ’ব। জুলাই মাহত এনটিএই জেইই অনুষ্ঠিত কৰাৰ অন্ত পৰাৰ পিছত ঘোষণা কৰা হ’ব চূড়ান্ত জেইই মেইন ২০২২ ফলাফল।
২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত জে ই ই মেইন ছেছন-২ বা জুলাই অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল।ইয়াৰ পূৰ্বে কালি ৯ জুলাইত জুলাই অধিবেশনৰ বাবে পুনৰ পঞ্জীয়ন প্ৰক্ৰিয়া বন্ধ কৰা হয় ৷ জে ই ই মেইনৰ ফলাফলে নিৰ্ণয় কৰিব জে ই ই এডভান্সড ২০২২ৰ বাবে প্ৰাৰ্থীসকলৰ যোগ্যতা।