কেইবাবছৰজোৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত ৰাজধানী সলনি কৰাৰ সিদ্ধান্তত চীল-মোহৰ লগালে ইণ্ডোনেচিয়াই ৷ দেশখনৰ নতুন ৰাজধানী হ’ব নুছানতাৰা ৷ বর্তমানৰ ৰাজধানী জাকার্টাৰ পৰা নুছানতাৰালৈ স্থানান্তৰিত কৰাৰ বাবে যাৱতীয় আইন গৃহীত কৰিছে ইণ্ডোনেছিয়াৰ সংসদে ৷ এই আইন গৃহীত হোৱাৰ লগে লগে ৰাষ্ট্ৰপতি জ’ক’ উইডোডোৰ অভিলাষী ৩২ বিলিয়ন ডলাৰৰ বৃহৎ প্ৰকল্প নুছানতাৰাত ৰূপায়নৰ ক্ষেত্ৰত থকা আইনী বাধা দূৰ হ’ল ৷
বিধেয়কখন গৃহীত হোৱাৰ পিছত দেশখনৰ পৰিকল্পনা মন্ত্ৰী সুহাৰচো মনোৰ্ফাই সংসদত কয় যে নতুন ৰাজধানী ৰাষ্ট্ৰৰ পৰিচয়ৰ প্ৰতীক হোৱাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰৰ এক নতুন কেন্দ্ৰ হ’ব ৷ উল্লেখ্য যে বোৰ্নিঅ দ্বীপৰ কালিমন্তনৰ বনাঞ্চলৰ ভিতৰত অৱস্থিত হৈছে নুছানতাৰা ৷ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু উন্নয়ন সংস্থাৰ তথ্য অনুসৰি, নতুন ৰাজধানী চহৰৰ বাবে মুঠ ভূমি এলেকা হ’ব প্ৰায় ২,৫৬,১৪৩ হেক্টৰ ৷ৰাজধানীৰ প্ৰাৰম্ভিক স্থানান্তৰ ২০২২ ৰ পৰা ২০২৪ চনৰ ভিতৰত আৰম্ভ হ’ব ৷
ইণ্ডোনেছিয়াই জাকাৰ্টাৰ পৰা ৰাজধানী কিয় স্থানান্তৰ কৰিব বিচাৰিছে ?
কেইবাটাও কাৰণত জাকার্টাৰ পৰা নুছানতাৰালৈ স্থানান্তৰ কৰিব বিচাৰিছে দেশখনে ৷ বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ বাবে জাকাৰ্টাত বৃদ্ধি পোৱা বানপানীৰ প্ৰৱণতা ৰাজধানী স্থানান্তৰৰ অন্যতম কাৰণ ৷ তদুপৰি ঠেক আৰু বায়ু প্ৰদূষণো ইয়াৰ অন্যতম কাৰণ ৷ পৰিকল্পনা মন্ত্ৰী সুহাৰচো মনোৰ্ফাই প্ৰকাশ কৰে যে ৰাজধানী চহৰখন নুছানতাৰালৈ স্থানান্তৰ কৰাৰ কেইবাটাও কাৰণ বিবেচনা কৰা হৈছে ৷ সামগ্ৰিক উন্নয়নৰ লগতে দ্বীপপুঞ্জটোক এক নতুন অর্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ লক্ষ্য বান্ধি লোৱা হৈছে ৷ ৰাষ্ট্ৰপতি জ’ক’ উইডোডোৱে প্ৰথমে ঘোষণা কৰিছিল যে ৰাজধানীখন ২০১৯ চনত স্থানান্তৰ কৰা হ’ব ৷ কিন্তু ক’ভিড মহামাৰীৰ বাবে এয়া সম্ভৱপৰ হোৱা নাছিল ৷
জাকাৰ্টা কিমান দ্ৰুতগতিত ডুব গৈ আছে?
সাগৰৰ তীৰত অৱস্থিত হোৱাৰ বাবে জাকার্টাত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে ৷ বিশ্ব অৰ্থনৈতিক মঞ্চৰ তথ্য অনুসৰি ভূ-পৃষ্ঠই অত্যন্ত পানী শোষণ কৰাৰ বাবে জাভা সাগৰত ই অত্যন্ত দ্ৰুত গতিত ডুব যাবলৈ আৰম্ভ কৰিছে ৷ জাকাৰ্টা পৃথিৱীৰ আটাইতকৈ জনবসতিপূৰ্ণ নগৰ অঞ্চলসমূহৰ ভিতৰত অন্যতম ৷ ৰাষ্ট্ৰসংঘৰ মতে বৃহত্তৰ মহানগৰীখনত ৩০ নিযুত লোকে বাস কৰে ৷