আজি বিয়লি ৪ বজাত ৰাজ্যসভাৰ অধ্যক্ষৰ কাৰ্য্যালয়ত সাংসদ হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শপত গ্ৰহণ কৰিব। দুদিন পূৰ্বে সোণোৱাল ডাঙৰীয়াই অসম বিধান সভাৰ মাজুলী সমষ্টিৰ সদস্য পদৰ পৰা পদত্যাগ কৰে।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয় আৰু আয়ুষ মন্ত্ৰণালয়ৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ দায়িত্বত আছে।