ওড়িশা চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া ইন্টাৰনেট সেৱা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। কলেজ আৰু বিশ্ববিদ্যালয় চৌহদত উপলব্ধ হ’ব ৱাই-ফাই। কিন্তু এই সেৱা কেৱল উচ্চ শিক্ষানুষ্ঠানতহে উপলব্ধ হ’ব ।
ওড়িশা চৰকাৰে ঘোষণা কৰিছে যে এই সময়ৰ পৰা কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানত বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ কৰিব পাৰিব। অধ্যয়নৰ সুবিধাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু একে সময়তে ইণ্টাৰনেট ব্যৱহাৰৰ স্তৰতো বাধা আৰোপ কৰা হৈছে। ওড়িশাৰ উচ্চ শিক্ষা মন্ত্ৰী ৰোহিত পূজাৰীয়ে কয় যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে বিনামূলীয়াকৈ ১ জিবি ডাটা ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ দ্বাৰা তেওঁলোক বিদ্যায়তনিক ক্ষেত্ৰত লাভৱান হ’ব। শিক্ষা ব্যৱস্থাৰ মানো উন্নত হ’ব।
মন্ত্ৰীগৰাকীয়ে কয়, ‘ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়তে ৱাই-ফাইৰ ব্যৱস্থা কৰা হৈছে। অহা শিক্ষাবৰ্ষৰ পূৰ্বে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক ১ জিবি ডাটা দিয়া হ’ব। তথ্য আৰু প্ৰযুক্তি বিভাগে সেয়া নিশ্চিত কৰিব।
ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈ ওড়িশা চৰকাৰে অধিক ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি বছৰে ২০০ গৰাকী নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীক চৰকাৰে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰিব। ইয়াৰ উপৰিও চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক স্পীকিং ইংৰাজী আৰু কম্পিউটাৰ প্ৰশিক্ষণো প্ৰদান কৰি আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ যিবোৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰ তুলনামূলকভাৱে কম, সেইবোৰ অঞ্চলত বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ কথাও চৰকাৰে চিন্তা কৰিছে।