ভাৰতত বর্তমানলৈ ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্তৰ ৮০ শতাংশই লক্ষণবহীন ৷ মাত্ৰ ১৩ শতাংশ আক্ৰান্তৰ শৰীৰত মৃদু লক্ষণে দেখা দিছে ৷ এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাৱিয়াই ৷ ৰাজ্যসভাৰ মজিয়াত তেওঁ প্ৰকাশ কৰা অনুসৰি বর্তমানলৈ আক্ৰান্ত ১৬১ জন লোকৰ ৪৪ জন ইতিমধ্যে সুস্থ হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে সদনৰ মজিয়াত কয় যে অ’মিক্ৰনৰ সংক্ৰমনক লৈ উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে সম্পূর্ণ নজৰ ৰাখিছে ৷ তদুপৰি এই নতুন ভেৰি্যেণ্টৰ বিপক্ষে ভেকচিনৰ কার্যক্ষমতা সন্দর্ভত পৰীক্ষা কৰাৰ বাবেও পদক্ষেপ লোৱা হৈছে ৷ এই ভেৰিয়েণ্টৰ পৰীক্ষা আৰু চিনাক্তকৰণৰ বাবে ইতিমধ্যে দেশৰ লেবেৰেটৰীসমূহত উন্নত সা-সুবিধা আছে বুলিও তেওঁ প্ৰকাশ কৰে ৷ তেওঁ কয় “ আমি বিশেষজ্ঞসকলৰ সৈতে দৈনিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছো ৷ ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ত হোৱা অভিজ্ঞতাৰ জৰিয়তে এই ভেৰিয়েণ্টৰ সংক্ৰমন প্ৰতিৰোধ কৰাত সহায় কৰিব ৷ আমাৰ হাতত যথেষ্ট ঔষধ মজুত আছে ৷”
ইপিনে, ডেল্টা ভেৰিয়েণ্টতকৈয়ো দ্ৰুত গতিত অ’মিক্ৰনৰ সংক্ৰমন ঘটিছে বুলি প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ এ ঘেব্ৰেয়াছাছে ৷ তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে ডেল্টা ভেৰিয়েন্টতকৈ অ’মিক্ৰন দ্ৰুত হাৰত সংক্ৰমিত হোৱাৰ ধাৰাবাহিক প্ৰমাণ লাভ কৰিছে৷