দুর্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ আজি পুনৰ অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাৰ অভিযান চলিল ডিব্ৰুগড়ত ৷ এইবাৰ আৰক্ষীৰ জালত পৰিছে দুর্নীতিগ্ৰস্ত জিলা পৰিবহন বিষয়া সঞ্জীব হাজৰিকা ৷ দুর্নীতি নিবাৰকে জিলা পৰিবহন বিষয়াজনৰ বাসগৃহত অভিযান চলাই বাতৰি লিখা পৰলৈকে উদ্ধাৰ কৰিছে ৭,০৩,৮০০ টকা ৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালপ্ৰধান জি পি সিঙে এই কথা টুইটযোগে সদৰী কৰিছে ৷ অৱশ্যে তেওঁৰ বাসগৃহত এতিয়াও তালাচী অভিযান সমাপ্ত হোৱা নাই ৷ সেয়েহে পৰৱর্তী সময়ত অধিক ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে ৷
লক্ষণীয় ভাৱে ডিটিঅ’জনৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে ৮৭ হাজাৰ বিমুদ্ৰাকৰণৰ পূর্বৰ পুৰণি নোট ৷ অর্থাৎ যিসমূহ নোট এতিয়া অপ্ৰচলিত ৷ আয়কৰৰ চকু পৰাৰ ভয়ত বিমুদ্ৰাকৰণৰ সময়ত সেই ধন তেও সলনি কৰিবলৈ নগ’ল বুলি ধাৰণা কৰা হৈছে ৷ স্বাভিৱকতে ডিটিঅ’জনৰ বাসগৃহলৈ ইমান ধন ক’ৰ পৰা তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷