ইউক্ৰেইনত আক্ৰমনৰ বাবে ৰাছিয়াই সমৰসজ্জা গঢ়ি তোলাৰ সময়তে দেশখনৰ এখন চহৰ দুটাকৈ বোমা বিস্ফোৰণে কপাঁই তোলাত বৃদ্ধি পাইছে উত্তেজনা ৷ৰাছিয়াৰ দ্বাৰা সমর্থিত বিচিন্নতাবাদীৰ দখলত থকা ইউক্ৰেইনৰ লুগানস্কত সংঘটিত হয় এই বিস্ফোৰণ ৷ ৰাছিয়াৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি চহৰখনৰ দ্ৰুজবা পাইপলাইনত সংঘটিত হয় বিস্ফোৰণ দুটা ৷ অৱশ্যে এই বিস্ফোৰণৰ কাৰণ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই যদিও ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত যিকোনো মুহুর্তত আক্ৰমণ কৰিব পাৰে বুলি ওলোৱা শংকা দুগুণলৈ বৃদ্ধি কৰিছে ৷
দ্ৰুজবা পাইপলাইন ৰাছিয়াৰ পৰা পূৱ আৰু মধ্য ইউৰোপৰ বিভিন্ন প্ৰান্তলৈ যায়।ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিস্ফোৰণৰ ছবি ৷ ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰা অনুসৰি পাইপলাইনত প্ৰথমটো বিস্ফোৰণৰ এঘণ্টাৰো কম সময়ৰ পিছত লুগানস্কত দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় ৷ এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই ৷