শীঘ্ৰে অসমলৈ স্থানান্তৰিত হ’ব অইল ইণ্ডিয়াৰ মুখ্য কার্যালয় ৷ এমাহৰ ভিতৰতে মুম্বাইৰ পৰা অসমলৈ স্থানান্তৰিত হ’ব এই কার্যালয় ৷ এই কথা সদৰী কৰিছে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ উত্তৰ গুৱাহাটীত থকা বটলিং প্লান্ট পৰিদর্শন কৰি মন্ত্ৰী গৰাকীয়ে এই তথ্য সদৰী কৰিছে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি প্ৰথমে এই কার্যালয়টো ভঙাগড়ৰ ভাড়াঘৰৰ পৰা চলোৱা হ’ব ৷ পৰৱর্তী সময়ত কার্যলয়টো বামুণীমৈদামলৈ স্থানান্তৰিত কৰা হ’ব ৷ ইতিমধ্যে বামুণীমৈদামত চৰকাৰে ৭ বিঘা ভূমি আৱন্টন জনাইছে বুলিও মন্ত্ৰী গৰাকীয়ে সদৰী কৰে ৷