নয়দাত অলপতে পুৰণি গাড়ী বিনষ্ট কৰাৰ প্ৰকল্প আৰম্ভ হয়। এই প্ৰকল্পৰ জৰিয়তে দুশ মিনিটত এখন গাড়ী ৰিচাইকেল কৰিব পৰা যাব বুলি জানিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এই প্ৰকল্পৰ উদঘাটন কৰে।
মাৰুটি গ্ৰুপ আৰু টয়’টা গ্ৰুপে স্থাপন কৰা প্ৰকল্পটোত ব্যয় হৈছে ৪৪ কোটি টকা। ১০,৯৯৩ বৰ্গ কিলোমিটাৰ সাঙুৰি স্থাপন কৰা প্ৰকল্পটোত এমাহত ২০০০ খনকৈ গাড়ী বিনষ্ট কৰিব পৰা যাব। এই প্ৰকল্পটো ঘৰুৱাভাৱে উৎপাদিত যন্ত্ৰৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছে।
বৰ্তমান গাড়ীৰ নিত্য নতুন মেডেলে বজাৰ ভিৰ কৰিছে। ফলত পুৰণি গাড়ীসমূহ অবাবতে নষ্ট হৈ যোৱাৰ দৰে হৈছে। এই নতুন প্ৰকল্পৰ জৰিয়তে পুৰণি গাড়ীসমূহক বিনষ্ট কৰি নতুন কামত ব্যৱহাৰ কৰিব পৰা হ’ব।