লাহে লাহে দেশজুৰি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েন্টত আক্ৰান্ত ৰোগী ৷ দেশৰ বিভিন্ন প্ৰান্তত এই নতুন ভেৰিয়েন্টৰ সংক্ৰমন ঘটিবলৈ আৰম্ভ কৰিছে ৷ দেশত অ’মিক্ৰন ভেৰিয়েন্টত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে৷ মহাৰাষ্ট্ৰত পুনৰ দুজন ব্যক্তিৰ শৰীৰত অ’মিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমন ধৰা পৰাৰ লগে লগে এই সংখ্যা বৃদ্ধি পায় ৷ ইয়াৰ লগে লগে অ’মিক্ৰন ভেৰিয়েন্টত আক্ৰান্ত ৰোগীৰ সংখ্যা মহাৰাষ্ট্ৰত ১০ জনলৈ বৃদ্ধি পালে ৷
ইপিনে , মহাৰাষ্ট্ৰৰ উপৰি ৰাজস্থানত ৯জন, কর্ণাটকত ২জন আৰু গুজৰাটত এজন লোকৰ শৰীৰত অ’মিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমন ধৰাত পৰিছে ৷ ৰাষ্ট্ৰৰ ৰাজধানী চহৰ দিল্লীতো এজন লোকৰ শৰীৰত অ’মিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমন ঘটিছে ৷
অ’মিক্ৰন ভেৰিয়েন্ট যোৱা মাহত দক্ষিণ আফ্ৰিকাত ধৰা পৰিছিল ৷ ইয়াৰ পাছতে বিশ্বৰ প্ৰায় ৩০ খন দেশলৈ এই অ’মিক্ৰন ভেৰিয়েন্ট বিয়পি পৰিছিল ৷ বিশ্ব স্বাস্থ্য সংস্থাই এই ভেৰিয়েন্ট অত্যন্ত বিপদজনক বুলি অভিহিত কৰাৰ লগতে সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে