ভেকচিনে ক’ভিডৰ পৰা বিশ্ববাসীক মুক্ত কৰিব পাৰিব বুলি একপ্ৰকাৰ বিজ্ঞানীমহল আশ্বস্ত হোৱাৰ সময়তে নতুন ভেৰিয়েন্ট অ’মিক্ৰনৰ সংক্ৰমনে সকোলোকে শংকিত কৰি তুলিছে ৷ এই নতুন ভেৰিয়েন্টে ভেকচিনকো অসাৰ কৰি তুলিব পাৰে বুলি বহু বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে এই নতুন ভেৰিয়েন্টৰ সংক্ৰমনৰ প্ৰতিৰোধৰ বাবে বিভিন্ন দেশে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা ৷ অ’মিক্ৰনৰ সংক্ৰমন ধৰা পৰা দেশসমুহৰ বিপক্ষে জাৰি কৰা হৈছে ভ্ৰমণ নিষেধাজ্ঞা ৷ কিন্তু আপুনি জানেনে কোন ১৫ খন দেশত এতিয়ালৈ বিয়পিছে অ’মিক্ৰনৰ সংক্ৰমন ৷ এই দেশসমূহ হৈছে –
দক্ষিণ আফ্ৰিকা, বটছৱানা,বেলজিয়াম,হংকং,ইজৰাইল,ব্ৰিটেইন, নেদাৰলেণ্ড,জার্মানী, চেক গণৰাজ্য,অষ্ট্ৰিয়া, ডেনমার্ক,অষ্ট্ৰেলিয়া, ইটালী,কানাডা, ফ্ৰান্স ৷
দক্ষিন আফ্ৰিকাৰ এজন চিকিৎসক অ’মিক্ৰন ভেৰিয়েন্টত প্ৰথম আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰিছে ৷ তদুপৰি দক্ষিণ আফ্ৰিকা মেডিকেল এছ’ছিয়েচনৰ অধ্যক্ষ ডঃ এঞ্জেলিক কয়টজীয়ে প্ৰকাশ কৰা অনুসৰি ডেল্টা ভাইৰাছৰ দৰে অ’মিক্ৰনত আক্ৰান্ত হ’লে ৰোগীৰ ঘ্ৰাণ শক্তি নাইকিয়া হৈ নাযায় ৷ সেইদৰে নতুন ভেৰিয়েন্টত আক্ৰান্তসকলৰ শৰীৰত এতিয়ালৈ অক্সিজেনৰ পৰিমান হ্ৰাস পোৱা পৰিলক্ষিত হোৱা নাই ৷