দেশত ক্ৰমান্বয়ে সামূহিক সংক্ৰমন আৰম্ভ হৈছে ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ ৷ বিশেষকৈ কোনো ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ একাংশ লোক আক্ৰান্ত হৈছে অমিক্ৰনত ৷ দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে এই কথা সদৰী কৰিছে ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে দেশৰ ৰাজধানী চহৰখনত ১১৫ টা নমুনাৰ পৰীক্ষাৰ অন্তত ৪৬ জনৰ শৰীৰতে অ’মিক্ৰনৰ সংক্ৰমন পোৱা গৈছে ৷ দিল্লীত এতিয়ালৈকে ২৬৩ জন লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে ৷
ইপিনে, ভাৰতত বিগত ২৪ ঘণ্টাত ১৩,১৫৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ইয়াকে ধৰি দেশত ক’ভিডত বর্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৮২,৪০২ জন ৷ আনহাতে, বৃহস্পতিবাৰে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৯৬১ জনলৈ লৈ বৃদ্ধি পাইছে ৷ দিল্লীত ২৬৩ জন , মহাৰাষ্ট্ৰত ২৫২ জন লোক অমিক্ৰনত আক্ৰান্ত হৈছে ৷ ৯৬১ জন ৰোগীৰ ভিতৰত ভিতৰত ৩২০ জন অ’মিক্ৰনত আক্ৰান্ত লোক ইতিমধ্যে সুস্থ হৈছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মহাৰাষ্ট্ৰত সর্বাধিক হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ আনহাতে, দিল্লীত ৯২৩ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷ এদিন পূর্বে দিল্লীত এই সংখ্যা আছিল ৪৯৬ জন ৷ পজিটিভিটিৰ হাৰ ১.২৯ শতাংশ বৃদ্ধি পাইছে ৷